Nojoto: Largest Storytelling Platform

নগ্ন হৃদয়ৰ গা‌ঁথা♦️ কি নাম দিম তোমাক প্ৰেম নে অন্

নগ্ন হৃদয়ৰ গা‌ঁথা♦️

কি নাম দিম তোমাক প্ৰেম নে অন্য কিবা?
শৰীৰ নে মন শ্ৰেয় তোমাৰ আগত?
          তুমি কোৱা ~এয়া ভালপোৱা
          আৰু মই কও~ এয়া প্ৰয়োজনীয়তা
 প্ৰেম স্বৰ্গীয়,প্ৰেম এটা বিশ্বাস
দুখন হৃদয়ৰ ৰঙৰ কহুৱাতলী
তাক বেৰঙ  নকৰিবা
তাক বেনাম নিদিবা
প্ৰেম কেতিয়াও আসক্তি হব নোৱাৰে.....

প্ৰাপ্তিয়ে প্ৰেম নহয়
নগ্ন শৰীৰৰ গভীৰতাক জুমিব প্ৰেমে নাজানে,,
খামুচিয়া দেহৰ ভাঁজৰ পৰশ লব ও প্ৰেমে নিবিচাৰে..
  বতাহত উৰুৱাই নিয়া চাদৰৰ ফাঁকটোৱো আনকি সাৰি নাযায় তোমাৰ চকুত!!
যদি প্ৰেম মানেই শৰীৰ, তেনেহলে ক্ষমা কৰিবা মোক, তোমাৰ উত্ৰাৱল দেহৰ প্ৰয়োজনীয়তা মই ৰক্ষা কৰিব নোৱাৰিম...নোৱাৰিম তোমাৰ সেই কামনা বাসনাৰ বলি হব !!
  
নাচাবা মোক তেনেদৰেই 
  চকুৰে ধষিৰ্তা হব নোৱাৰো মই....!!
জাপি নিদিবা মোৰ হাতত তোমাৰ সেই প্ৰয়োজনীয়তাৰ লিষ্টখন,,নোৱাৰো সেই প্ৰয়োজনীয়তাৰ স্বীকাৰ হব ....
    
  যিমানেই তোমাৰ চকুত মোৰ দেহ প্ৰিয়,
  সিমানেই তুমি মোৰ চকুত ঘ্ৰীণনীয় ।
  তুলি নিদিবা মোৰ আগত তোমাৰ অযথা প্ৰেমৰ সংজ্ঞা,
  শব্দবোৰো অপবিত্ৰ হৈ উঠিব.....
  
অ মই নিসংগ হব নিবিচাৰো
কিন্তু তোমাৰ সংগত উলংগ হবও নিবিচাৰো মই!!!
যদি তোমাৰ সংগই নিসংগতা দূৰ কৰাই,তেনেহলে নেলাগে তেনে সংগ, নেলাগে তেনে নাম,মই এনকৈ সুখী।
      মাথো ভুল নকৰিবা প্ৰেমৰ পৰিচয় শৰীৰ নহয়।

  🖋️বৰষা #spreadlove❤️
#doshare❤️

barshasarma1449

Barsha sarma

New Creator