আঘোণৰ প্ৰথম হাঁহিটি পিন্ধি এদিন আকাশেও গাইছিল---- নৱ-প্ৰভাতৰ জয়গান।..! হয়তো! আকাশেখনেও জানিছিল--- জোনাকগলা নিশাৰ ৰাগিণী টানিবলৈ আৰু যে বেছি পৰ নাই। এক অচিন ইতিহাসৰ সৃষ্টি হয়তো এইদৰেই হয়! য'ত নেকি ক'ৰবাত কাহিনীয়েও লাজ পাই উঠে। যেতিয়া সমাজৰ অন্যায়- অনীতি সলাবলৈ কাৰোবাৰ কণ্ঠই প্ৰস্তাৱ দিয়ে। যেতিয়া লুইতৰ পাৰৰ প্ৰগতিশীল বিপ্লৱবোৰ গীতেৰে আৰম্ভ হ'বলৈ ধৰে। নিশাহবোৰো হাৰি যায় তেওঁৰ উশাহৰ ভৰত। যি উশাহৰ ভাঁজত প্ৰাণ পাই উঠে কালজয়ী গীতৰ মালিতা। বেজাৰবোৰো যেন কোনোবাখিনিত থমকি যায়-- যেতিয়া অধৰেদি বৈ আহে সহস্ৰ গীত পৰাণ জুৰোৱা। অমানিশাৰ আন্ধাৰছটীয়া বাটটিয়ে যদি মায়াবিনী নিশা হৈ নিগৰিব পাৰে.. ক্লান্ত সূৰুযৰ অস্থিৰ আৱেগত বুকুখনি তাজমহলো নিশ্চয় হ'ব পাৰে। ভাৱনাবোৰ জী উঠিবলৈ এখন হৃদয়ে যথেষ্ট নহয় জানো..? এখন মুক্ত হৃদয়। মুক্ত পৰাণ। আপোনাৰ ভাষাত কাঞ্চনজংঘা।। সময়বোৰহে বৈ যায়--- কিন্তু উশাহবোৰক দি যায় জীৱনৰ সংজ্ঞা। কাললৈ জিলিকি ৰওঁক আপুনি 'হে মহান সত্বা।' আৱহমান হৈ বৈ যাওঁক আপোনাৰ গীতৰ নিজৰা।। সময়বোৰহে বৈ যায়--- কিন্তু উশাহবোৰক দি যায় জীৱনৰ সংজ্ঞা। কাললৈ জিলিকি ৰওঁক হে মহান সত্বা। আৱহমান হৈ বৈ যাওঁক আপোনাৰ গীতৰ নিজৰা।। ওপজা দিনৰ অগণিত শুভেচ্ছাৰে প্ৰিয় শিল্পীজনলৈ---❣️ #yqbandhoi #yqassamese #writersofassam #assamses_poem #zubeengarg #জুবিনগাৰ্গ