(অণুগল্প) "বৰষুণজাক" ববিতাই খৰধৰকৈ মহাজনৰ ঘৰৰ কামকেইটা কৰি আজৰি হয় মানে আকাশত ক'লা ডাৱৰ ছাটিয়ে ঘৰ বান্ধিলে।ববিতাৰ চিন্তা দুগুণে বাঢ়িল ঘৰত ল'ৰা ছোৱালীকেইটা অকলে আছে।কামকেইটা শেষ কৰি বৰষুণৰ আগে আগে ঘৰ পালেই ৰক্ষা।বিজুলী-ঢেৰেকণিৰে,গুজৰি গুমুৰি আহিলেই বৰষুণজাক।ববিতা যেন ক'লা মেঘবোৰৰ পাছে পাছে গৈ আছে।এই এটোপ,দুটোপ বৰষুণ পৰো পৰো।ঘৰৰ চালিখনৰ অৱস্থাটো বৰ বেয়া।বতাহে চাগৈ কোবাইছে টিনবোৰ।কথাবোৰ ভাবি ভাবি ববিতাই পিৰালিত ভৰি থৈ ল'ৰা-ছোৱালীহালক দেখি এক শান্তি লভিলে।লাহে লাহে ক'লা মেঘবোৰে বৰষুণজাকক দূৰলৈ উৰুয়াই লৈ গৈছে।বতাহজাকেও বাট দেখুৱাই নিছে। ববিতাই আকাশত চকু ফুৰাই মনতে ভাবিলে--"বৰষুণজাক গ'লগৈ"! ©poetry upasana #assameselanguage