Nojoto: Largest Storytelling Platform

দিনবোৰেও খোজ লয়... স্তব্ধ যেন কোনোৱেই নহয়। এদিন

দিনবোৰেও খোজ লয়... 
স্তব্ধ যেন কোনোৱেই নহয়। 

এদিন সুখৰ হালধীয়া হাঁহি তেওঁ পিন্ধিছে
আৰু এদিন মই..! 
কেতিয়াবা জীৱনে ....,
বিষাদৰ কবিতা হৈ বৰকৈ কান্দিছে(মোৰ)
কেতিয়াবা আকৌ...,
 সময়ৰ দাবীত গীতবোৰে বেদনালৈ সুৰটি সলাইছে।(তেওঁৰ)

দুখ কোনে দেখা নাই....? 
সুখৰ আভৰণ কোনে পিন্ধা নাই। 
মাজে-মাজে চক্ৰবাত এজাক..... 
উস্..! জীৱনতচোন সকলোবোৰেই আছে। 
দি আছে সময়ে জীৱনৰ এটি এটি সংজ্ঞা....
উপহাৰ হিচাপে।। 

ক্ষণবোৰ এইদৰেই গৈ আছে......... 

অথচ,আজিও তেওঁ তেওঁৰ দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...( প্ৰিয়) 
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। (প্ৰিয়) 
     প্ৰিয় 🖤🖤
অথচ,আজিও তেওঁ  দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...!
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। 
    

#yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry
দিনবোৰেও খোজ লয়... 
স্তব্ধ যেন কোনোৱেই নহয়। 

এদিন সুখৰ হালধীয়া হাঁহি তেওঁ পিন্ধিছে
আৰু এদিন মই..! 
কেতিয়াবা জীৱনে ....,
বিষাদৰ কবিতা হৈ বৰকৈ কান্দিছে(মোৰ)
কেতিয়াবা আকৌ...,
 সময়ৰ দাবীত গীতবোৰে বেদনালৈ সুৰটি সলাইছে।(তেওঁৰ)

দুখ কোনে দেখা নাই....? 
সুখৰ আভৰণ কোনে পিন্ধা নাই। 
মাজে-মাজে চক্ৰবাত এজাক..... 
উস্..! জীৱনতচোন সকলোবোৰেই আছে। 
দি আছে সময়ে জীৱনৰ এটি এটি সংজ্ঞা....
উপহাৰ হিচাপে।। 

ক্ষণবোৰ এইদৰেই গৈ আছে......... 

অথচ,আজিও তেওঁ তেওঁৰ দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...( প্ৰিয়) 
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। (প্ৰিয়) 
     প্ৰিয় 🖤🖤
অথচ,আজিও তেওঁ  দৰেই হৈ আছে। 
হৃদয়খন আজিও পুৰণি ...!
আৰু ভালপোৱাবোৰ এতিয়াও সেই তাহানিৰ...... 
বৰ আওপুৰণি। 
    

#yqbandhoi #yqassamese #writersofassam #assamesepoetry #assameselovepoetry
nojotouser9103025844

sangita

New Creator