Nojoto: Largest Storytelling Platform

শৰতৰ এটি পুৱা শৰতৰ এটি চিকুন পুৱা টিপ্ টিপ্ টাপ্

শৰতৰ এটি পুৱা


শৰতৰ এটি চিকুন পুৱা
টিপ্ টিপ্ টাপ্ টাপ্
এজাক বৰষুণ। 
চৌদিশে তলসৰা শেৱালিৰ সুভাষ। 
মুকুতা যেন টোপাল বোৰে
শুভ্র শেৱালিবোৰৰ বুকুত যাচিছে চুমা। 
লাজতেই মৰহিছে শেৱালিবোৰ। 
নয়না, বকুলী, মালতীহঁতে
কোঁচ ভৰাই বুটলিছে
তলসৰা শেৱালিবোৰ। 
দুভৰিত বাজিছে নুপুৰৰ ৰুণজুণ। 
হিম শীতল সমীৰণে 
কাণে কাণে কৈ গ'ল;
"এয়াই শৰৎ"
কৰবী, জ্যোতি, খৰিকাজাই 
ফুলৰ গোন্ধত মতলীয়া 
না না ৰঙী পখিলাবোৰ। 
ফুলে ফুলে উৰি 
ফুলৰ ৰেণুত সানিছে
শাৰদীবোল। 
থাপনাৰ তুলসী জোপাই মিচিকিয়াই হাঁহিছে। 
সেন্দুৰীকৈ মচা থাপনাৰ আগত
ন-কইনাৰ লাজুকী খোজ;
পূৰ্ণিমাৰ জোন যেন মুখখনিত
কাম সেন্দুৰৰ বোল। 
                                                                              নীলিমা গগৈ Ananya ma
শৰতৰ এটি পুৱা


শৰতৰ এটি চিকুন পুৱা
টিপ্ টিপ্ টাপ্ টাপ্
এজাক বৰষুণ। 
চৌদিশে তলসৰা শেৱালিৰ সুভাষ। 
মুকুতা যেন টোপাল বোৰে
শুভ্র শেৱালিবোৰৰ বুকুত যাচিছে চুমা। 
লাজতেই মৰহিছে শেৱালিবোৰ। 
নয়না, বকুলী, মালতীহঁতে
কোঁচ ভৰাই বুটলিছে
তলসৰা শেৱালিবোৰ। 
দুভৰিত বাজিছে নুপুৰৰ ৰুণজুণ। 
হিম শীতল সমীৰণে 
কাণে কাণে কৈ গ'ল;
"এয়াই শৰৎ"
কৰবী, জ্যোতি, খৰিকাজাই 
ফুলৰ গোন্ধত মতলীয়া 
না না ৰঙী পখিলাবোৰ। 
ফুলে ফুলে উৰি 
ফুলৰ ৰেণুত সানিছে
শাৰদীবোল। 
থাপনাৰ তুলসী জোপাই মিচিকিয়াই হাঁহিছে। 
সেন্দুৰীকৈ মচা থাপনাৰ আগত
ন-কইনাৰ লাজুকী খোজ;
পূৰ্ণিমাৰ জোন যেন মুখখনিত
কাম সেন্দুৰৰ বোল। 
                                                                              নীলিমা গগৈ Ananya ma