হেৰৌ সোণপাহি তোৰেই শপত আজিৰ পৰা আৰু নাচাও গাভৰু জোন, হাতনি পেৰাত সুমুৱাই থম পোৱা নোপোৱাৰ যত হুমনিয়াহ, তোৰ অভিমানৰ জুই নুমালেই বুকুত লহপহে বাঢ়িব এটি কদমফুলীয়া সপোন, দুখ নকৰিবি সোণপাহি তোৰ বাবেই পিতায়ে এৰি গৈছে বোকামাটি আৰু কলীয়া জহাৰ লখিমী পথাৰ, আঘোণৰ সোণালী ধাননিক সাক্ষী কৰি এদিন লৈ আহিম তোক উৰুখা পজালৈ, জ্বলি পুৰি মৰিব গাভৰু জোন..... #debu