মই মোৰ বিচনাত বহি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ "অনুৰাধাৰ দেশ" কিতাপখন পঢ়ি আছিলো। মই কিতাপখনৰ মাজত এনেদৰে সোমাই পৰিছিলো যে কেতিয়া খিৰিকীৰ ফাঁকেৰে সৰকি অহা পোহৰখিনি আন্ধাৰলৈ অৱনমিত হৈছিল গমেই পোৱা নাছিলো। গম পোৱা নাছিলো কেতিয়া চৰাইবোৰ ঘৰলৈ উভতি আহিছিল আৰু কেতিয়া তুমি মোৰ দৰ্জাৰ মুখত থিয় দিছিলা। কিন্তু তোমাৰ শৰীৰৰ পৰা অহা চিনাকি সুগন্ধটোৱে তোমাৰ উপস্থিতিৰ জাননী দিছিল। কিতাপখনৰ ওপৰেৰে তোমাক চাইছিলো, অস্পষ্ট দেখিছিলো যদিও তোমাৰ স্পষ্ট ছবিখন ইতিমধ্যেই মনত অংকিত কৰি লৈছিলো। তুমি আহি মোৰ কাষত বহিছিলা আৰু মই একো নোকোৱাকৈয়ে তোমাকো কিতাপখনৰ শব্দবোৰৰ মাজত বুৰাই পেলাইছিলো। ফিৰফিৰীয়া বতাহজাকে বাৰে বাৰে তোমাৰ চুলিখিনি কপালত আনি আমনি দিছিল। মই তোমাৰ চুলিখিনি কাণৰ ওচৰলৈ নিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলো, কিন্তু বিফল হৈছিলো। হয়তো সেই বিফলতাতেই মই মোৰ ভালপোৱা বিচাৰি পাইছিলো। ❤❤❤ #valpuwa