কবিতা যি দিনা তুমি, এজন কবিৰ প্ৰেয়সী হ'বা... তুমি, অস্তহীনতাৰ বুকুত, অমৰ হৈ ৰ'বা... তেওঁৰ, কবিতা হৈ, বিশ্বক প্ৰেমৰ অনুভৱ ক'বা... কাৰণ, তেওঁ কবি, আৰু, তুমি তেওঁৰ... কবিতা... তোৰ বুকুৰ একেবোৰ শব্দ কে মই বাৰে বাৰে এতিয়াও মোৰ তেজেৰে লিখো, তোৰ বাবে এতিয়াও সিঁহতে উচুপি থাকে ৰাতি, মোৰ বিশৃংখল কোঠাটোৰ কোনোবা এন্ধাৰ চুকত পৰি থকা আধা ভগা টেবুল খনৰ ওপৰৰ জীৰ্ণ কাগজ বোৰৰ দ'মত...🖤 #assamesequote #assamesepoetry #assamesepoem #assameselovepoetry #assamesewriters #firstlove #অসমীয়া #অসমীয়াকবিতা