Nojoto: Largest Storytelling Platform

নদী হৈ চোৱা--- শেষহীন কাহিনীৰ উচুপনিত ছাই হোৱা, কব

নদী হৈ চোৱা---
শেষহীন কাহিনীৰ উচুপনিত ছাই হোৱা,
কবিতাৰ স'তে বৈ যাব পাৰিবা।
সীমাশূন্য ঊৰ্মিক খামুচি গাব পাৰিবা......... 
জীৱন যুঁজৰ উথান- পতনৰ গান। 

সামৰিব পাৰিবা--
নীলা চিয়াঁহীৰে অঁকা বনফুলপাহিক আকুলতাৰে,
সাৱটিও পাৰিবা, 
অপ্ৰকাশিত তেজৰ কবিতাবোৰ স্নেহৰ আলিংগনেৰে।

সেয়েহে এবাৰলৈ ৰৈ যোৱা!
শুনি যোৱা মোৰ উশাহৰ সীমনাত উৰি ফুৰা,
সেউজী পখীজনীৰ কথা। 
য'ত আছে, 
সুখৰ এঙাচোলা পিন্ধা বৰ্ষীয়ান ভাৱনাবোৰৰ ইতিকথা। 
。。。。。。。。。。
পশ্চিমৰ সামৰণিৰ পৃষ্ঠাবোৰত এতিয়া,
হালধীয়া পখীৰ কুহৰণ। 
ক'ৰবাৰ পৰা ভাঁহি আহিছে শব্দ............ 
হয়তো সামৰণিৰ ' ছাইৰেন'। #নদী_হৈ_চোৱা 
#yqassamese #yqbandhoi #yqbaba
নদী হৈ চোৱা---
শেষহীন কাহিনীৰ উচুপনিত ছাই হোৱা,
কবিতাৰ স'তে বৈ যাব পাৰিবা।
সীমাশূন্য ঊৰ্মিক খামুচি গাব পাৰিবা......... 
জীৱন যুঁজৰ উথান- পতনৰ গান। 

সামৰিব পাৰিবা--
নীলা চিয়াঁহীৰে অঁকা বনফুলপাহিক আকুলতাৰে,
সাৱটিও পাৰিবা, 
অপ্ৰকাশিত তেজৰ কবিতাবোৰ স্নেহৰ আলিংগনেৰে।

সেয়েহে এবাৰলৈ ৰৈ যোৱা!
শুনি যোৱা মোৰ উশাহৰ সীমনাত উৰি ফুৰা,
সেউজী পখীজনীৰ কথা। 
য'ত আছে, 
সুখৰ এঙাচোলা পিন্ধা বৰ্ষীয়ান ভাৱনাবোৰৰ ইতিকথা। 
。。。。。。。。。。
পশ্চিমৰ সামৰণিৰ পৃষ্ঠাবোৰত এতিয়া,
হালধীয়া পখীৰ কুহৰণ। 
ক'ৰবাৰ পৰা ভাঁহি আহিছে শব্দ............ 
হয়তো সামৰণিৰ ' ছাইৰেন'। #নদী_হৈ_চোৱা 
#yqassamese #yqbandhoi #yqbaba
nojotouser9103025844

sangita

New Creator