Nojoto: Largest Storytelling Platform
richabhattachary1137
  • 122Stories
  • 8Followers
  • 11Love
    156Views

R...🍁

  • Popular
  • Latest
  • Video
16e519cac028940cccd9cf2cbc58172a

R...🍁

ব্যস্ত চহৰৰ নিজান কোণ এটাত দিনটোৰ ব্যস্ততাবোৰেও হাৰ মানে, আৰু তেতিয়াই কিজানি হুমুনিয়াহবোৰেও অচিনাকি হৈ উপহাস কৰে জীৱনক। 
    ঠিক ভিৰৰ মাজত এখন বন্ধ কিতাপ!!
 যিখন কোনেও মেলি নাচালে,
যি মেলি চালে,তেওঁ পঢ়ি নাচালে,
যি পঢ়ি চালে, তেওঁ বুজিব নোৱাৰিলে,
আৰু যি বুজিব পাৰিব, তেওঁক হয়তো লগ পোৱাই নহ'ল! 
 #বন্ধ_কিতাপ #yqbaba #yqbandhoi #assamesequote #assamese

#বন্ধ_কিতাপ #yqbaba #yqbandhoi #assamesequote #Assamese

16e519cac028940cccd9cf2cbc58172a

R...🍁

ঐ শুনাচোন,
যদি মই কও,তোমাৰ ক'লা কোটটোৰ বাওকাষৰ কোণ এটাত অজানিতে মোৰ হৃদয়খন এৰি আহিলোঁ,
তেন্তে চিনাকি চহৰৰ এই অচিনাকি বাটটোত এবাৰলৈ বাৰু  ৰ'বানে? 
  দুখৰ কাৰণ নুসোধো বাৰু; কিন্তু
  কথা দিছো, যাবৰ পৰত এমুঠি বকুলৰ সুবাস গাঠি পঠিয়াম দুচকুত। 
      বকুলৰ সুবাসত এমোকোৰা হাঁ‌হি....
#yqbaba #yqbandhoi #yqassamese #assamesequote #assamesewriters #assamese #অসমীয়া_অনুভৱ #বকুল

বকুলৰ সুবাসত এমোকোৰা হাঁ‌হি.... #yqbaba #yqbandhoi #yqassamese #assamesequote #assamesewriters #Assamese #অসমীয়া_অনুভৱ #বকুল

16e519cac028940cccd9cf2cbc58172a

R...🍁

মাথোঁ কেইটামান দিন,তাৰপাছত
সেইদিনা  এই চহৰত মোৰ শেষ ৰাতি হ'ব,
  চকুৰ কোণ দুটা সেমেকি থাকিব, 
এবুকু বোজাৰে ভাগৰি পৰিম হয়তো,
   তথাপি স্মৃতিৰ টোপোলাবোৰ মই লৈ যাম আপোন কৰি।
নতুবা মোৰ অবিহনে সিহঁতো যে অৱহেলিত হ'ব।
        পিছে পুৰণি ঠিকনাতে হৃদয়খন থৈ যাম,
 তুমি বাৰু দলিয়াই দিবা নেকি?? #মাজনিশা #yqbaba #yqbandhoi #assamese #অৱহেলা

#মাজনিশা #yqbaba #yqbandhoi #Assamese #অৱহেলা

16e519cac028940cccd9cf2cbc58172a

R...🍁

এবাৰ ঘূৰি চোৱানা, মই তাতেই আছো
এবাৰ ৰৈ দিয়াচোন, স্মৃতিবোৰ আকৌ সাঁ‌জো,
আবেলিবোৰ ভাললগা হৈছিল জানা, ঘৰমুৱা ৰ'দেও মৰম সানিছিল,
তেনে আবেলিবোৰত আজিকালি পোহৰ নাচাও মই,
ৰাতিপুৱাটোৰ প্ৰেমত নতুনকৈ পৰিছিলো,অভিমান কৰিবাচোন আপোন যেন লাগে বুলি কওতেই ৰৈ গৈছিলো অভিমানত,কিন্তু অভিমান ভাঙিবলৈ দেখোন কোনো নাহিল, সজতনে ৰখা কলিজাত কেঁ‌চা ঘা টুকুৰা দি গুচি গ'ল মানুহবোৰ, দায়িত্ব দিছিলোঁ সজতনে ৰখাৰ,থানবান কৰাৰ প্ৰয়োজন নাছিল হয়তো। 
বাৰু বাদ দিয়া এইবোৰ, এটা কথা কি জানা, তোমাৰ সৈতে কটোৱা সময়বোৰ আজিও অকলেই কটাও।নীৰৱে, নিসংগে !! প্ৰতাৰণা কৰাতকৈ প্ৰেম কৰাচোন !!! 
#yqbaba
 #yqbandhoi #assamese #assamesewriters #love #broken

প্ৰতাৰণা কৰাতকৈ প্ৰেম কৰাচোন !!! #yqbaba #yqbandhoi #Assamese #assamesewriters love #Broken

16e519cac028940cccd9cf2cbc58172a

R...🍁

একাকীত্ব উপহাৰ দিবলৈকে মানুহ কাষলৈ আহে ,
    হাতখন এৰি ৰং চাই জীৱনৰ !!
চকুত কাজলৰ সলনি ক'লা দাগে বাহৰ পাতে, 
  আৰু তেওঁ কয় তুমি ভালে থাকা আজীৱন।  বেইমান......... 
#assamese #yqbandhoi  #assamesewriters #feelings

বেইমান......... #Assamese #yqbandhoi #assamesewriters #feelings

16e519cac028940cccd9cf2cbc58172a

R...🍁

টুকুৰা কৰি উভতাই দিলেও হৃদয়ৰ প্ৰতিটো কোণ বিশেষ নাম এটাতেই জীয়াই থাকিব খোজে। 
   স্বপ্নভংগ ৰাতিবোৰতো জীয়াই থকাৰ হাবিয়াস ৰাখে, অথচ আনজনে খবৰ নাৰাখে তেওঁক যে কোনোৱে কাতৰভাৱে বিচাৰে।  #yqbaba #yqbandhoi #assamese
16e519cac028940cccd9cf2cbc58172a

R...🍁

জীৱনে নুশুনাকৈয়ে আচল উজাৰি কি লাগিব সুধিছিল,
  মই তোমাৰ নামত প্ৰতিদিনে লৈ ফুৰা ব্যস্ততাবোৰ বাছি ল'লো,
 
অৱহেলিত কৰাৰ আগজাননী জীৱনে বাৰুকৈয়ে পাইছিল
প্ৰতিটো ৰাতি এতিয়া তাৰেই প্ৰমাণ লৈ উচুপো !! #yqbaba #yqbandhoi #assamese #assamesewriters #অজুহাত #অৱহেলা

#yqbaba #yqbandhoi #Assamese #assamesewriters #অজুহাত #অৱহেলা

16e519cac028940cccd9cf2cbc58172a

R...🍁

মোৰ কলমটোৱে মোক চিঞৰি মাতিব,
উকা হৈ থকাৰ দুখত কাগজখিলাও মোচৰ খাই উঠিব,
উপন্যাসৰ পৃষ্ঠাবোৰ আধা মেলা হৈ ৰ'ব,
আধা অঁ‌কা ছবিটোৱে ৰাতি হ'লে উচুপি উঠিব,
মোৰ হাঁ‌হি থকা মুখখনত কোনোবাই দুশাৰী লিখি আজীৱন নাপাহৰাৰ মিছা চকুলো বোৱাব।
হাতত সাৰে ভৰিত সাৰে আতৰৰ পৰা চাই ৰম মইহীনতাৰ নাটকখন।  মৃত্যু এতিয়া সহজ !!!

মৃত্যু এতিয়া সহজ !!!

16e519cac028940cccd9cf2cbc58172a

R...🍁

মোৰ মৃত্যুত ২৪ ঘণ্টাৰ বাবে ষ্টেটাচত ঠাই দিব নালাগে,
  পাৰা যদি এসময়ত মোৰ বুলি কোৱা হৃদয়খনৰ চুক এটাত ৰাখিবাচোন, তাতেই এবাৰ জী উঠিম নতুনকৈ!! বিদায় পৃথিৱী!!!!

#yqbaba #yqbandhoi #assamese #assamesequote #death

বিদায় পৃথিৱী!!!! #yqbaba #yqbandhoi #Assamese #assamesequote #Death

16e519cac028940cccd9cf2cbc58172a

R...🍁

চুলিবোৰ অবাধ্য কৰি তোলাৰ বাবেই বতাহক ভাল পাওঁ‌,
মেঘক হাতৰ মুঠিত চুবলৈ পাও বাবেই বৰষুণ ভাল পাওঁ‌,
সূৰ্যমুখীৰ হেঁপাহতেই ৰ'দৰ আচল ধৰো,
 খিৰিকী জপাই কেনেকৈনো জোনাকৰ প্ৰেমত পৰো ?? #জোনাক #প্ৰেম #yqbandhoi #yqbaba #assamese #assamesequote #assamesewriters

#জোনাক #প্ৰেম #yqbandhoi #yqbaba #Assamese #assamesequote #assamesewriters

loader
Home
Explore
Events
Notification
Profile