Nojoto: Largest Storytelling Platform
parishmitagogoi1673
  • 317Stories
  • 33Followers
  • 2.8KLove
    3.6KViews

Parishmita Gogoi

  • Popular
  • Latest
  • Video
8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

White নিজকে ভালৰি বোলাবলৈ ভালদৰে জীয়াই ৰখা সম্পৰ্ক এটাক নষ্ট কৰিবলৈ আনৰ  গাত বদনাম জাপি দিয়া মানুহবোৰক জোখতকৈও
 বেছি ঘিণ কৰো   ৷ 
দূৰৈৰপৰা যেনেকৈ পৰ্বতখন বহুত শুৱনী দেখি ...কিন্ত ওচৰলৈ গলে হাবিৰেহে
 ভৰপূৰ হৈ থকা দেখি ৷ 
ঠিক তেনেকৈয়ে ধুনীয়া বুলি ভাবি থকা মনটোৰ গৰাকীৰ মনোবৃত্তিবোৰ চিনিব পাৰি যেতিয়া তেওঁৰ লগত সম্পৰ্ক 
গঢ়া হয়  ৷ 

পৰীস্মিতা গগৈ দত্ত

©Parishmita Gogoi
  #mountain
8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

মানুহৰ দুমুখীয়া স্বভাৱবোৰ সততে ধৰিব নোৱাৰি ৷ 
কথাবোৰ কিবা চকুত কাপোৰ বান্ধিয়েই কোৱা দৰে লাগে ৷ 
নিজৰ দায়িত্বক গাফিলতি কৰি আনৰ আগত মহান হ’বলৈও যাব পাৰে সকাম নিকামত হাত চাপৰি বজাবলৈ ৷

©Parishmita Gogoi
8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

এনেকুৱা এচাম মানুহ আছে সময় নাই অসময় নাই চেদভেদ নোহোৱাকৈ আনৰ ঘৰত বদনাম ৰতিবলৈ যায় ৷
নিজৰ ঘৰৰ কথাবোৰৰ ফালে কিন্ত খবৰে নাথাকে ডাঙৰ ডাঙৰ ঘটনা হৈ থাকিলেও

©Parishmita Gogoi
8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

অনুভৱ হয় কেতিয়াবা তুমি মোক প্ৰয়োজনতহে মনত পেলোৱা  নে প্ৰিয়জন হিচাপে 
 এদিন এনেকৈয়েটো পাহৰি যাবা ব্যস্ততাৰ অজুহাত 
এজোপা পত্ৰবিহীন লঠঙা বৃক্ষ কৰি য’লৈ কোনোদিনেই বসন্তৰ সুবাস নাহিব নামি ৷
পৰীস্মিতা গগৈ দত্ত 
শুভৰাত্ৰি

©Parishmita Gogoi
  Love

Love

8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

সময় যিদৰে গতিশীল 
ঠিক সেইদৰে মানুহৰ মনবোৰো পৰিবৰ্তনশীল
সাগৰৰ উঠানমা কৰা ঢৌৰ দৰে ৷
সেয়েহে চাগৈ 
একো নভবাকৈয়ে আঘাত লগাকৈ কৈ দিব পাৰে যিকোনো কথা ৷ 
 ভাবিয়েই নাচায় সম্পৰ্কবোৰ জীয়াই ৰাখিবলৈ প্ৰয়োজন হয় অৰ্থ ৷ 
 জুনৰ পোহৰৰ দৰে নহয় পোহৰ আন্ধাৰে আবৰা মনবোৰ ৷
কিয়নো অৰ্থ থাকিলেহে সম্পৰ্কবোৰ অটুট থাকে নাথাকিলে সেই সম্পৰ্কত ঘূণে ধৰে ৷ 
 সেয়ে তৰাভৰা আকাশখনলৈ মৌনতাই চাই ৰওঁ 
এদিন হয়তো আহিব পাৰে 
 ভাল দিন ৷ 
     পৰীস্মিতা গগৈ দত্ত

©Parishmita Gogoi Life Experiences

Life Experiences #Thoughts

8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

সময় যিদৰে গতিশীল 
ঠিক সেইদৰে মানুহৰ মনবোৰো পৰিবৰ্তনশীল
সাগৰৰ উঠানমা কৰা ঢৌৰ দৰে ৷
সেয়েহে চাগৈ 
একো নভবাকৈয়ে আঘাত লগাকৈ কৈ দিব পাৰে যিকোনো কথা ৷ 
 ভাবিয়েই নাচায় সম্পৰ্কবোৰ জীয়াই ৰাখিবলৈ প্ৰয়োজন হয় অৰ্থ ৷ 
 জুনৰ পোহৰৰ দৰে নহয় পোহৰ আন্ধাৰে আবৰা মনবোৰ ৷
কিয়নো অৰ্থ থাকিলেহে সম্পৰ্কবোৰ অটুট থাকে নাথাকিলে সেই সম্পৰ্কত ঘূণে ধৰে ৷ 
 সেয়ে তৰাভৰা আকাশখনলৈ মৌনতাই চাই ৰওঁ 
এদিন হয়তো আহিব পাৰে 
 ভাল দিন ৷ 

     পৰীস্মিতা গগৈ দত্ত

©Parishmita Gogoi
  poetry

poetry #Poetry

8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

# সপোন দেখাও আছে সুকীয়া মাদকতা 

সপোন দেখাও আছে এক 
সুকীয়া মাদকতা ৷
যদিও কৰিব নোৱাৰি স্পৰ্শ 
তথাপিও উদং হৈ থকা 
বুকুখনত বোৱাই দিয়ে 
জীৱন জীয়াৰ প্ৰতিটো আস্থা৷
জানা স্পৰ্শবোৰৰো আছে 
বেলেগ এটা সুকীয়া মাদকতা 
দুখন অভিন্ন হৃদয় একাকাৰ কৰি 
কটকটীয়াকৈ বান্ধিব পাৰে   বিশ্বাসৰ
 এনাজৰীয়ে ৷হৃদয়ৰ নীৰৱ বীণত 
বাজি উঠে সপোন আৰু স্পৰ্শৰ 
অস্থিৰতা ৰূপকথা যি বাটেদি আগুৱাই
 মই সৰাপাত বুটলিলোঁ ৷ 
সময়ৰ চাকনৈয়াত স্পৰ্শৰ ক’লাজ 
সাজি সীমিত সীমনাত অন্তহীন যাত্ৰাৰ 
পথত তোমাৰ অপেক্ষাত ৰ’লো ৷
অন্তহীন মৰীচিকা সপোনবোৰৰ সৈতে থৌকি বাথৌ মনটোৱে এপৰ জিৰাইছো স্পৰ্শৰ অমল 
প্ৰেমৰ সুগন্ধিৰ সুবাসত ৷
সঁচাকৈয়ে  সপোনৰো আছে এক 
সুকীয়া মাদকতা ৷ 

পৰীস্মিতা গগৈ দত্ত

©Parishmita Gogoi
  # love

# love

8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

# তুমি কাষত নাথাকিলে

মনটোক  বুজাব নোৱাৰা এবুজা 
বেদনাই সোপা মাৰি ধৰে 
তুমি কাষত নাথাকিলে ৷
উত্তৰবিহীন প্ৰশ্নবোৰে আকুল হিয়াত
 আউল লগাই এবুকু শূন্যতাত ৷ 
পাইও নোপোৱা বেথাবোৰে বিচাৰি 
ল’ব খোজে  নিজৰ ঠিকনা 
তুমি কাষত নাথাকিলে 
সেয়ে ছাগৈ ......
আকুল হিয়াই হাহাঁকাৰ কৰে 
তুমি কোনোদিনেই নিজৰ 
নোহোৱা বুলি জানি ৷ 
তথাপিও .....
অপূৰ্ণ আশাবোৰে পূৰ্ণতা বিচাৰি 
বাহাৰ পাতে নষ্টালজিক জীৱন গাথাঁত 
তোমাক নিজৰ কৰি পোৱা হেঁপাহত ৷ 
সেয়েহে.....
 মিছাকৈ সপোন ৰচিবলৈ 
ভয় লাগে কিজানিবা অসম্পূৰ্ণ হয় 
তুমি কাষত নাথাকিলে ৷ 

পৰীস্মিতা গগৈ দত্ত

©Parishmita Gogoi
  #Yaad❤️

Yaad❤️ #Love

8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

#sadquotes
8011274f55e078ab4e18a0cb3bed93f0

Parishmita Gogoi

নাৰী 

নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ বুলি ক’লেই হ’বনে প্ৰকৃততে নাৰীক সন্মান জনোৱা ৷ 
সভাই সমিতিয়ে ফুল জাৰিৰে সম্বৰ্ধনা জনালেই  পাবনে নাৰীয়ে প্ৰকৃত মৰ্য্যাদা ৷ 
 যদিহে নুবুজে নাৰীৰ ত্যাগৰ গৰিমা ৷ 
যদিহে কৰে নাৰীক প্ৰাপ্যৰ পৰা বঞ্চিতা ৷ 
নাজানে যদি নাৰীয়ে হয় জগত জননী ,কষ্টসহিষ্ণুতা,
মমতাময়ী, মা দুৰ্গা ৷
নাৰী দিৱস পাতিলেই অন্ত পৰিবনে   নাৰীৰ ওপৰত চলোৱা লাঞ্ছনা গঞ্জনাবোৰ ৷ 
 মানৱ নামৰ দানৱৰ দুহাতেৰে ৰক্তপিপাসু হৈ চিৰিলা চিৰিল কৰি আঁচল খহাই সতীত্ব হৰণ স্তব্ধ হ’বনে ৷ 
  যদিহে নকৰে নাৰীক সন্মান তেন্তে সেই শুভেচ্ছা জনাই নিদিলেও হয় শুভকামনা 
       পৰীস্মিতা

©Parishmita Gogoi
  #sadquotes
loader
Home
Explore
Events
Notification
Profile