Nojoto: Largest Storytelling Platform
bulbulislam9510
  • 3Stories
  • 11Followers
  • 12Love
    0Views

Bulbul Islam

myself Bulbul Islam..i try to express my thoughts thtough my pen

  • Popular
  • Latest
  • Repost
  • Video
8763ab8770792b1e02e17d328776bf4e

Bulbul Islam

আশা
✍️BULBUL ISLAM
আশাৰ এটি ক্ষীণ পোহৰ
নিস্তব্ধতাৰ বেৰৰ ফাঁকেৰে
চুচুক চামাক কৈ সোমাই আহে
মোৰ হৃদয়ৰ এন্ধাৰ কোঠালিত...
এন্ধাৰ প্রিয় মোৰ হৃদয়খনে
অতীতৰ ধূসৰ স্মৃতি বোৰৰ
আচলেৰে বাৰে বাৰে 
ঢাকি দিব খোজে 
সেই বেৰৰ ফাঁকবোৰ
বাৰে বাৰে কাবৌ কৰে হৃদয়খনে....
 নালাগে নালাগে ..
নালাগে মোৰ এই ক্ষন্তেকীয়া হলিতাৰ পোহৰ...
তথাপিও কেতিয়াবা নিস্তব্ধতাক
 ঠেলি হেঁচি আশাৰ পোহৰ বোৰ
সোমাই আহে মনৰ এন্ধাৰ কোঠালিলৈ

বহু সময় যুজঁ চালে..
পোহৰ ৰূপী আশা আৰু
আন্ধাৰ ৰূপী নিৰাসাৰ মাজত
কেতিয়াবা জয় হয় পোহৰৰ 
আকৌ ৰাজত্ব চালে আন্ধাৰৰ
নিস্তব্ধতাৰ বেৰৰ ফাঁক বোৰ
 হৃদয় খনে পুনৰ
দুখৰ ইস্মৃতিৰে  
ডাঠকৈ ঢাকি দিয়ে
তৰপে --তৰপে..

আশাৰ পোহৰ বোৰে আকৌ খুন্দিয়াই
বেৰ বোৰো  পুনৰ ফাট মেলে ..
আন্ধাৰ কোঠালিটো আকৌ পোহৰ হয়...
খন্তেকৰৰ বাবে
এনেকৈয়ে চলি থাকে
যুজঁ খন আজীৱন

নাচলিবই বা কিয়
আশা নিৰাসাৰ অন্য নামেই তুঁ জীৱন
এয়াই তুঁ জীৱন।।। #Heart
8763ab8770792b1e02e17d328776bf4e

Bulbul Islam

বিশ্বাস
                         BULBUL ISLAM
বিশ্বাস তোমাক দেখা পাইছিলো
অন্তিম বাৰ
মোৰ মনৰ চোতালত
ধোঁৱাৰ  কুণ্ডলী হৈ  উৰিছিলা
অকাই পকাই
আৰু.....
হেৰাই গৈছিলা।
কল্পনাৰ জগতত।

তুমি সচাই হেৰাই গৈছিলা
নে লাজ পাইছিলা ?
আমাৰ নাঙঠ সমাজ খনক দেখি।
ভূল নুবুজিবা...
সেয়া আমাৰ নিৰ্লজ্জতা নাছিল।
কি আছিল বাৰু ?
কি নাম দি বুজাম তুমাক ...
আমাৰ সেই অসভ্যলী বোৰক
বেয়া নামো যে দিব নোৱাৰিম
কিয় জানা ?
আমিবোৰে  যে সভ্যতাৰ মুখা পিন্ধিছোঁ
বেয়া নাপাবা...
তুমি দেখা আমাৰ সেই কূলহিতা
কাৰ্যবোৰৰ আমাৰ সমাজত 
এটা সুন্দৰ নাম আছে
যাক আমি যৌৱনৰ খেল  বুলি কওঁ।
হয়তু তুমি নুবুজিবা।

তুমি লাজ নকৰিবা
চোৱাচোন আমি তো লাজ কৰা নাই  ।
তুমি আকৌ উভতি আহিবা
হেৰাই নাযাবা...
পিছে এইবাৰ আহোঁতে অলপ
প্ৰস্তুত হৈ আহিবা
লাজ নকৰিবা .
কিয় জনা ????
আমিবোৰ যে সলনি নহওঁ।
আমিবোৰ যে এনেকুৱাই। #Success
8763ab8770792b1e02e17d328776bf4e

Bulbul Islam

বিচাৰি চাবা...
     
                   BULBUL ISLAM

জীৱন মৰুৰ কোনোবা দিগন্তত..
আশাৰ পৃথিৱীৰ কোনোবা দ্বীপত
নতুবা কল্পনাৰ জগতৰ..
 কোনোবা প্ৰান্তত....
যেতিয়াই বিছাৰিবা
পোহৰৰ ক্ষীণ এটি ৰেখাৰ দৰে
তাতেই বিদ্যমান পাবা

বিছাৰি চাবা...
যদি বিচৰা..
তোমাৰ হাতৰ ভাগ্য ৰেখাত
নতুবা তোমাৰ ৰঙীন কল্পনাত
মচিব ধৰা  মোৰ ছবিটি
আশাৰ প্ৰদীপ হৈ
দূৰ আকাশত 
জিলিকি থকা নিশ্চয় দেখিবলৈ পাবা
বিচাৰি চাবা.... My first #Assamese poem in #Nojoto

My first #Assamese poem in


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile