Nojoto: Largest Storytelling Platform
njdas3299372424571
  • 7Stories
  • 58Followers
  • 42Love
    0Views

RK

  • Popular
  • Latest
  • Video
b81498b26feec8d29adae4d4c384167a

RK

#অক্লান্ত আকাশ

মই আহিম কেতিয়াবা
শতিকাৰ শেষ প্ৰহৰত,
তোমাৰ চোতালত গৈ জিৰণি লম
ডুবু ডুবু বেলিটিৰ মাজেৰেই,
শেষ সন্ধিয়াৰ ৰহণ সানিম...!!

কেতিয়াবা মেঘ হৈ আহিম
সুদুৰ পাহাৰৰ চুড়াটিক চুমি,
অকৃপন এজাক বৰষুণ হৈ
তোমাৰ দুপৰৰ ৰদালি ভেদিম,
প্ৰানচঞ্চলা এজাক সপোন আঁকিম...!!

কেতিয়াবা হ'ম নিশ্চুপ শৰৎ
যেতিয়া স্মৃতিবোৰে ৰিঙিয়াই মাতিব,
প্ৰজাপতি হৈ তুমি আহিবা তেতিয়া
অনুভৱৰ সিপাৰে 
ম‌‌ই আকুলতাৰ এখনি নীলা আকাশ হ'ম...!!

সপোন বাটে অভিনৱ সুৰৰ
চিনা অচিনা এটি চন্দ মিলাম,
নষ্টালজিয়াৰ হেজাৰ জিয়া কাহিনী
পাহাৰৰ দাঁতিৰে ভাঁহিব অসীমত,
কিছু তোমাৰ,কিছু মোৰ জীৱনী
আৰু এখন অক্লান্ত আকাশ...!!!
✍️ xasipator papori

©RK nj
b81498b26feec8d29adae4d4c384167a

RK

#অক্লান্ত আকাশ

মই আহিম কেতিয়াবা
শতিকাৰ শেষ প্ৰহৰত,
তোমাৰ চোতালত গৈ জিৰণি লম
ডুবু ডুবু বেলিটিৰ মাজেৰেই,
শেষ সন্ধিয়াৰ ৰহণ সানিম...!!

কেতিয়াবা মেঘ হৈ আহিম
সুদুৰ পাহাৰৰ চুড়াটিক চুমি,
অকৃপন এজাক বৰষুণ হৈ
তোমাৰ দুপৰৰ ৰদালি ভেদিম,
প্ৰানচঞ্চলা এজাক সপোন আঁকিম...!!

কেতিয়াবা হ'ম নিশ্চুপ শৰৎ
যেতিয়া স্মৃতিবোৰে ৰিঙিয়াই মাতিব,
প্ৰজাপতি হৈ তুমি আহিবা তেতিয়া
অনুভৱৰ সিপাৰে 
ম‌‌ই আকুলতাৰ এখনি নীলা আকাশ হ'ম...!!

সপোন বাটে অভিনৱ সুৰৰ
চিনা অচিনা এটি চন্দ মিলাম,
নষ্টালজিয়াৰ হেজাৰ জিয়া কাহিনী
পাহাৰৰ দাঁতিৰে ভাঁহিব অসীমত,
কিছু তোমাৰ,কিছু মোৰ জীৱনী
আৰু এখন অক্লান্ত আকাশ...!!!

✍️NJ

©Nayan Jyotidas Nj
b81498b26feec8d29adae4d4c384167a

RK

নিশা পাৰ হৈ ৰাতিপুৱা হৈছে আকৌ একেটা চক্ৰৰে সময়ে গতি কৰিয়ে আছে । সময়ৰ ‌এই গতিশীলতাৰ লগত জীৱনৰ গতিও আগুৱাই গৈছে__
সুপ্ৰভাত জনাইছো 
 সুন্দৰ দিন এটাৰ কামনাৰে সকলোলৈকে পুৱাৰ শুভকামনা জনালোঁ ।। সকলোৰে আজিৰ দিনটো সুন্দৰ হোৱাৰ আশাৰে ...🌅🌄👏


✍️NJ #Shiva
b81498b26feec8d29adae4d4c384167a

RK

শৰতৰ এটা আবেলি পৰত আলফুল বুকুত সপোন তোমাৰ চকুত চকু থৈ তুমি শিহৰণ তুলিলা ... এটা ভাল লগা আবেলি – শুভ সন্ধিয়া  

✍️নয়ন জ্যোতি দাস alone

alone

b81498b26feec8d29adae4d4c384167a

RK

 নীৰৱতাবোৰ ক্ৰমাৎ গধুৰ হৈ আহিছে তোমাৰ স্নিগ্ধ জোনাকৰ ছায়াই বৰকৈ আমনি কৰিছে । তুমি নীৰৱতাবোৰ ভাঙি নেপেলাবা

✍️নয়ন জ্যোতি দাস #sunrays
b81498b26feec8d29adae4d4c384167a

RK

মোৰ জীৱনটো
ছন্দহীন কবিট‍াৰ দৰে হৈ পৰিছে ।
মৰুভুমিত পথভ্ৰষ্ট তৃষ্ণাতুৰ পঠিকে
পানী বিছৰাৰ দৰে
মই  হেৰুৱা হৃদয়ৰ সন্ধানত
বিয়াকুল হৈ পৰিছো ।
আবেগৰ ওচৰত
বিবেকৰ পৰাজয় হল ।
যত যাত্ৰাৰ আৰম্ভ আছে 
কিন্তু অন্ত নাই  ।
দুৰ্গম পথ ভয়ঙ্কৰ আন্ধাৰ
গৈ আছো আগলৈ মাথো আগলৈ।

b81498b26feec8d29adae4d4c384167a

RK

ৰাতিপুৱা চাহ কাপ =
ৰাতিপুৱা শুই উঠি চাহকাপত সোহা এটা মাৰিলে দিনটোলৈ দেহ মন সজীৱ হৈ পৰে। ৰঙা চাহ বা গাখীৰ চাহেই হওক, চাহ কাপ নাখালে যেন দিনটো কিবা এটা খালী খালী লাগি থাকে !


নয়ন জ্যোতি #Fire


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile