Nojoto: Largest Storytelling Platform
rikshikhakashyap9659
  • 50Stories
  • 76Followers
  • 431Love
    1.3KViews

Rikshikha kashyap

Assamese girl

  • Popular
  • Latest
  • Video
faf564e548c0b393195db442d93196ce

Rikshikha kashyap

আপোনাক কম
 বুলি ভবা কথাবোৰ 
সাঁচি ৰাখোতে ৰাখোতে 
এদিন স্তূপ হৈছিল 
আৰু সেই স্তূপটো 
এদিন শিল । 
নতুনকৈ শিলটোত 
শেলুৱৈও গজিছে 
খুব ধুনীয়া দেখিবলৈ ।
এতিয়া যে আপোনাক 
ক'বও মন নাযায় ।

©Rikshikha kashyap #think
faf564e548c0b393195db442d93196ce

Rikshikha kashyap

মৃত্যুৰ গধুৰ বোজা এটা
কঢ়িয়াই জীয়াই
থকাটোও জানো জীৱন ??

©Rikshikha kashyap #leaf
faf564e548c0b393195db442d93196ce

Rikshikha kashyap

life 


#mypets

life #mypets

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

মোৰ পোহৰখিনিতকৈ
তোমাৰ এন্ধাৰখিনিৰ

তীক্ষ্ণতা বেছি

©Rikshikha kashyap Assamese
#dusk

Assamese #dusk

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

যি ছবিয়ে কাহানিও কেনে
 আছা বুলি সোধা নাই ,
সেই একেখন ছবিলৈ চাই 
আপুনি কৈ আছে 
আপুনি থকালৈকে ভালে থাকিম

©Rikshikha kashyap @assamese
#Nature

@assamese #Nature

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

ৰৈ নোযোৱা কথাবোৰ

: আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ?
: হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । 
: হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । 
: ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ?
: ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ 
: বাহ ল'ৰাৰ কথা খুব জানা মানে ।
: তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি ।
: হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ?
: নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি..
: তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । 
: অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । 
ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । 
: হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ?
: মই পাৰোঁ 😁
: পাগলী তুমি..
: নহয় মই ভালেই । কেৱল কেতিয়াবা..
: কি ?
: একো নহয় । 
: কি নো কোৱাচোন । 
: সকলো কথা ক'ব পৰা নাযায় ..
: কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ?
: তেনেকুৱাই আৰু..
: তুমি ৰ'দ ভালপোৱা ন বহুত ?
: আপুনি কেনেকৈ জানিলে ?
: তোমাৰ ষ্টেটাছ বোৰত আকৌ ।
: আপুনি কি ভাল পায় ?
: বৰষুণ..
: হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে...
: হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । 
: বাৰু মই ৰাখিছোঁ । 
: একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা

" এজাক বৰষুণে মোক চুই থৈ গ'ল...."

@ঋকশিখা

©Rikshikha kashyap #Assamese #Assamesequotes #assamese_poem 
#Light
faf564e548c0b393195db442d93196ce

Rikshikha kashyap

বসন্ত 

মাতাল হ'ব মন যায় 
ঠিক তাহানিৰ দৰেই প্ৰেমৰ নিচাত
কৰ্কৰীয়া হৃদয়খনত  
বহুদিন ৰঙা গোলাপে পাহি মেলা নাই
বহুদিন বসন্ত অহা নাই

শেষৰ বাৰ বসন্ত অহাৰ ঠিকনা 
মনত আছে মোৰ
সেই যে ৰোগ হৈ আহিছিল 
ৰাই-ৰুই কৰিব নৌ পাৰোতেই 
সকলো কাঢ়ি নিছিল এটা মুহূৰ্ততে 

খুব শুকান  বসন্ত
কপৌ কেইপাহৰ পৰা চেপি আনিব 
নোৱাৰা  ৰঙবোৰৰ সমান শুষ্ক 
কৰল চকুযুৰিয়ে ঢুকি নোপোৱাৰ
সমান দূৰত আজি বসন্ত ।

     -ঋকশিখা কাশ্যপ
     -২৪/০৩/২০২১
     -১১.১০

©Rikshikha kashyap

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

#HerQuestions
loader
Home
Explore
Events
Notification
Profile