Nojoto: Largest Storytelling Platform

#অক্লান্ত আকাশ মই আহিম কেতিয়াবা শতিকাৰ শেষ প্ৰহৰ

#অক্লান্ত আকাশ

মই আহিম কেতিয়াবা
শতিকাৰ শেষ প্ৰহৰত,
তোমাৰ চোতালত গৈ জিৰণি লম
ডুবু ডুবু বেলিটিৰ মাজেৰেই,
শেষ সন্ধিয়াৰ ৰহণ সানিম...!!

কেতিয়াবা মেঘ হৈ আহিম
সুদুৰ পাহাৰৰ চুড়াটিক চুমি,
অকৃপন এজাক বৰষুণ হৈ
তোমাৰ দুপৰৰ ৰদালি ভেদিম,
প্ৰানচঞ্চলা এজাক সপোন আঁকিম...!!

কেতিয়াবা হ'ম নিশ্চুপ শৰৎ
যেতিয়া স্মৃতিবোৰে ৰিঙিয়াই মাতিব,
প্ৰজাপতি হৈ তুমি আহিবা তেতিয়া
অনুভৱৰ সিপাৰে 
ম‌‌ই আকুলতাৰ এখনি নীলা আকাশ হ'ম...!!

সপোন বাটে অভিনৱ সুৰৰ
চিনা অচিনা এটি চন্দ মিলাম,
নষ্টালজিয়াৰ হেজাৰ জিয়া কাহিনী
পাহাৰৰ দাঁতিৰে ভাঁহিব অসীমত,
কিছু তোমাৰ,কিছু মোৰ জীৱনী
আৰু এখন অক্লান্ত আকাশ...!!!
✍️ xasipator papori

©RK nj
#অক্লান্ত আকাশ

মই আহিম কেতিয়াবা
শতিকাৰ শেষ প্ৰহৰত,
তোমাৰ চোতালত গৈ জিৰণি লম
ডুবু ডুবু বেলিটিৰ মাজেৰেই,
শেষ সন্ধিয়াৰ ৰহণ সানিম...!!

কেতিয়াবা মেঘ হৈ আহিম
সুদুৰ পাহাৰৰ চুড়াটিক চুমি,
অকৃপন এজাক বৰষুণ হৈ
তোমাৰ দুপৰৰ ৰদালি ভেদিম,
প্ৰানচঞ্চলা এজাক সপোন আঁকিম...!!

কেতিয়াবা হ'ম নিশ্চুপ শৰৎ
যেতিয়া স্মৃতিবোৰে ৰিঙিয়াই মাতিব,
প্ৰজাপতি হৈ তুমি আহিবা তেতিয়া
অনুভৱৰ সিপাৰে 
ম‌‌ই আকুলতাৰ এখনি নীলা আকাশ হ'ম...!!

সপোন বাটে অভিনৱ সুৰৰ
চিনা অচিনা এটি চন্দ মিলাম,
নষ্টালজিয়াৰ হেজাৰ জিয়া কাহিনী
পাহাৰৰ দাঁতিৰে ভাঁহিব অসীমত,
কিছু তোমাৰ,কিছু মোৰ জীৱনী
আৰু এখন অক্লান্ত আকাশ...!!!
✍️ xasipator papori

©RK nj
njdas3299372424571

RK

New Creator