Nojoto: Largest Storytelling Platform

Best aabeli Shayari, Status, Quotes, Stories

Find the Best aabeli Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about aabe zam zam ki kahani in hindi, aabe hayat meaning in hindi, aab meaning in hindi, aabe meaning in hindi, aab tumhare hawale watan sathiyo shayari,

  • 1 Followers
  • 9 Stories

Kabita

#আবেলি
#aabeli 
খণ্ড (১৩)

বুকুৰ চহৰত ইমান কোলাহল!
বাটৰুৱা অভিমানৰ সৈতে গুচি যায় একোটি কৈ
 সুৰীয়া হেঁপাহ..
ঘূৰি চাওঁ..
মই থৈ যোৱা ঠাইতে পুৰণি সাধু এটা অজিও ৰৈ আছে...
সাধুৰ শেষত মই হাৰি হাৰিও জিকি যাওঁ
কাষত ৰাজকুমাৰীৰ বিশ্বাসৰ হাত
চুই চাওঁ
জী চাওঁ
আকৌ এবাৰ মৰি চাওঁ
যি মৰণে মোক জীৱনলৈ আকৌ ঘূৰাই আনে!!!!!

©Kabita #GarajteBaadal

Kabita

#আবেলি
#aabeli
খণ্ড(৯)

তগৰ ফুলৰ সুবাসে আমোলমোল পদূলি
বেৰঙী পৃথিৱীত মুঠি মুঠি  বসন্তৰ বোল
জেতুকাবুলিয়া,কপৌফুলীয়া ..
হাঁচতি ভৰাই চেনাইলৈ মৰম
পিছে অভিমানৰ গাঁঠিটো
খোলোতাহে নাই  

(আগলৈ)

©Kabita #story
#lovestory

Kabita

#আবেলি
#aabeli
খণ্ড(৯)

তগৰ ফুলৰ সুবাসে আমোলমোল পদূলি
বেৰঙী পৃথিৱীত মুঠি মুঠি  বসন্তৰ বোল
জেতুকাবুলিয়া,কপৌফুলীয়া ..
হাঁচতি ভৰাই চেনাইলৈ মৰম
পিছে অভিমানৰ গাঁঠিটো
খোলোতাহে নাই ....

ঘৰৰ পিৰালিটো ৰঙা মাটি দি ধুনীয়াকৈ মচি এইবাৰ চোতালৰ তুলসী ভেটিটোত থাকি যোৱা মাটি খিনি দি লিপি দিলে আবেলিয়ে। কেঁচা ঘৰটো তাই যিমান পাৰে ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰে। যি আহে সিয়ে শলাগে সিহঁতৰ অকণমানি ঘৰটো। অৱশ্যে মাকেও সহায় কৰে তাইক। ফুলৰ ডাল আনি দিয়ে, সেইবোৰ ধুনীয়াকৈ ৰুই পানী দি আপডাল কৰে বেলিয়ে। এতিয়াও তগৰ ফুলৰ সুবাস বিয়পি আছে চোতালত। তাৰে এপাহ আনি তাই ভগৱানক দিয়ে কেতিয়াবা। মাত্ৰ এপাহ। ফুল চিঙিবলৈ বৰ দুখ লাগে যে। যেতিয়া মহাদেৱলৈ বা কৃষ্ণ গোঁসাইলৈ বহুত বেছি মৰম জাগে, তেতিয়াহে এপাহ ফুলকে দুয়োৰে মাজত থৈ সেৱা এটা কৰে তাই।
তাইৰ ঈশ্বৰেও জানে, তাতে সন্তুষ্ট হয়।

হাতত বোকা মাটি লৈয়ে বেলিয়ে ঘৰটোলৈ এবাৰ চালে,
এদিন এই ঘৰটো পকী হ'ব, মাকৰ বাবে, ভায়েকৰ বাবে, তাইৰ বাবে আছুতীয়া কোঠালি হ'ব। কল্পনাতে কেতিয়াবাই ঘৰ এটা সাজি থৈছে তাই। ঘৰটোৰ সন্মুখত ধুনীয়া ফুলনি এখন, এখন সৰু গেইট, গেইটৰ দুফালে দুজোপা বকুল, নাইবা এজাৰ।
তাইৰ কোঠাত এখন ডাঙৰ খিৰিকী, তাৰ সিপাৰে ৰুব এজোপা শেৱালী আৰু এজোপা খৰিকাজাঁই। ডাঙৰ কিতাপৰ আলমীৰাটোৰ পৰা কিতাপ এখন উলিয়াই তাই শেৱালী ফুলৰ সুবাস লৈ লৈ কিতাপ পঢ়িব।
তেতিয়ালৈ বাৰু বৰমাক থাকিবনে?
থাকিব থাকিব কিয় নাথাকিব। তাইৰ ঘৰটোৰ প্ৰথম আলহী বৰমাকেই হ'ব।
আৰু আগান?

: বেলি, তোৰ হাতত পইচা আছে যদি দে চোন, মোৰ গাৰুৰ তলত থকা আটাইকেইটা নিলে ভায়েৰে।

 কল্পনাৰ পৃথিৱীৰ পৰা সদায় এনেকৈয়ে বেলিক চোঁচৰাই উলিয়াই আনে মাকে।
বহুদিনৰ পৰা বেগ এটা কিনিম বুলি এটকা দুটকাকৈ গোটাই থোৱা পইচা কেইটা মাকক দি দি শেষেই হ'ল।
: ভাইটিক ইমান পইচা কেলেই লাগে সদায় সদায়?
: আও, নিজে বুঢ়ী মাৰৰ ঘৰত ভাল ভাল বস্তু খাৱলৈ পাৱ, সি ক'ত পায়? তাৰ মন নাযায় নেকি? বৰ আপোনপেটিয়া ছোৱালী।

টিউবলত হাত ভৰিকেইটা ধুই বেগৰ পৰা উলিয়াই দিবলৈ পালেহে ,থাপ মাৰি এশটকীয়া note খন লৈ গুচি গ'ল মাক।
ভায়েকৰ সলনি হোৱা ৰেহ ৰূপ মাকে নেদেখিলেও আবেলিয়ে দেখিছে। সি ৰাতি ৰাতি দেৰিকৈ ঘৰ সোমায়, পঢ়া শুনাৰ প্রতি মন কাণ নাই, স্কুললৈ প্ৰায়ে নাযায়। মাজতে মাকৰ হাতত টকা দুহেজাৰ দিছিল, ক'ত কেনেকৈ পাইছে বুলি সুধিলে একো নকয়। বেলিয়ে বেছিকৈ পকাই সোধোতে লগৰ এটাই ধাৰলৈ দিয়া বুলি কৈ ফালৰি কাটিলে।
মাকে নুসুধে। পইচা পালেই ঘৰলৈ নতুন বস্তু অনাৰ চিন্তা মাত্ৰ। সকলোৰে লগত প্ৰতিযোগিতা মাকৰ। আনকি বৰমাকৰ ঘৰখনৰ সৈতেও। বুজাই বুজাই হাৰি গ'ল বেলি।
মাক আৰু ভায়েকৰ সপোন বোৰ দেখিলে ভয় খায় আবেলিয়ে। এদিন এই  মহত্বাকাংক্ষাই  খুলি খুলি খাব সিহঁতক। সহজতে পইচা ঘটাৰ উপায় বিচাৰি ফুৰে দুয়োটা মিলি। এবাৰ চুবুৰীৰে মানুহ এঘৰৰ ফোনটো ভায়েকে চুৰ কৰি লৈ আনিছিল। মাকে কথাটো জানিও একো কোৱা নাছিল। বেলিয়ে ঘূৰাই দিবলৈ কোৱাত দুয়োটাই তাইকহে ওলোটাই গালি দিছিল।
: বৰ একেবাৰে যুধিষ্ঠিৰ জনী। সত্যত থাকি কি ডাল ফালিলে বাপেৰে। মোৰ মূৰত দুটাকে বোজা দি গুচি গ'ল। আৰু প্ৰসাদৰ পইচাৰ কি অভাৱ। এটা আকৌ কিনি আনিব। দুই নম্বৰী পইচাই লোৱাহে। দুনীয়াৰ অন্যায় কৰি পইচা গোটাইছে, কি বেয়াটো হৈছে। দিনে দিনে উন্নতি হে কৰিছে। ইহ, তাই এক্কে হৰিচন্দ্ৰ।

এইবাৰ বেলিৰ ওচৰত উত্তৰ নাছিল।
এৰা, কি বেয়া হৈছে অন্যায় কৰি।ঠিকাদাৰ প্ৰসাদৰ দুই নম্বৰী পইচা আছে বুলি সৱেই জানে। তথাপি সমাজত বৰ ডাঙৰ মানুহ। ৰাইজৰ সৱ কামত আগৰ আসনখন প্ৰসাদেই পায়। কান্ধত ফুলাম গামোচা পিন্ধে। মেট্ৰিক দুবাৰ ফেইল মানুহটোৱে আবেলিক ভালকৈ মেট্ৰিক পাছ কৰাৰ কাৰণে সম্বৰ্ধনা জনাইছিল। আন ল'ৰা- ছোৱালীবোৰে প্ৰসাদৰ ভৰি চুই আশীৰ্বাদ লৈছিল। আবেলিয়ে নল'লে।  প্ৰসাদ বেয়া মানুহ বুলি সৱেই জানে। তেনে মানুহৰ ভৰি চুই ভগৱানৰ আগত পাপ কৰিব নোখোজে।
"এইজনী বৰ অহংকাৰী।  কাৰো ঘৰলৈ নাযায়, দেখিলেও ভালনে বুলি সুধি আৰু কথা নাপাতে। ডাঙৰক সেৱা কৰিবলৈ তাইৰ ফিটটোৱে নিদিয়ে আকৌ।"
গাঁৱৰ মানুহ কিছুমানৰ উফৰি অহা কথা তাইৰ কাণত পৰিছিল।আবেলিৰ নামৰ পিছত অহংকাৰী শব্দটো সেইদিনাৰপৰা নিগাজী হৈছিল।

"ঐ কি নাম আছিল তোৰ? নাম বাদ দে, মোৰ ল'ৰাটোক অলপ পঢ়াত চাই দিবি। মাহে যি লাগে ল'বি।"
একেটা অনুষ্ঠানতে প্ৰসাদে আবেলিক প্ৰস্তাৱ দিছিল। মাকে পিছদিনাই তাইক পঠিয়াই দিছিল।
"মাহে এহেজাৰ ল'ম বুলি ক'বি। যা যা।"
গাঁৱৰ ভিতৰত তিনিমহলীয়া অট্টালিকা, তিনি চাৰিখন গড়ী,নেতা পালিনেতাৰ সঘন আহ যাহেৰে মানুহৰ চকুত লগা এখন ঘৰ। প্ৰসাদৰ ক্লাছ ফ'ৰত পঢ়া ল'ৰাটোক পঢ়াবলৈ লৈ প্ৰথম দিনাই বুজিছিল আবেলিয়ে,তাই বেছিদিন সেইখন ঘৰলৈ যাব নোৱাৰে।
পঢ়ুৱাই থকাৰ মাজতে প্ৰসাদ আহি সিঁহতৰ ওচৰতে বহে। ডিঙিত শিকলিৰ নিচিনা সোণৰ চেইন, মস্ত পেটটো উলিয়াই বাৰে ভচহু কথা কিছুমান কৈ থাকে।

আবেলিয়ে মনতে ভাৱে, পইচাৰে মগজ কিনিব পৰা হ'লে, তাই প্ৰসাদক এটা কিনিবলৈ অনুৰোধ কৰিলেহেঁতেন ।
ঘৰখনৰ ডাঙৰ গোটেই সোপা মূৰ্খ। খোৱা আৰু পিন্ধাৰ বাহিৰে একো চিনি নাপায়। পঢ়াৰ পৰিৱেশ নাই। কথাই কথাই তৰ্ক, লেতেৰা গালি গালাজ। ল'ৰাটোলৈ বেয়া লাগিল বেলিৰ।  উঠি অহা ল'ৰাটোৱে ঘৰৰ বনকৰা মানুহকো সেইবোৰ লেতেৰা ভাষা কৈ গালি পাৰে। আনকি আবেলিৰ কথাও নুশুনে। পঢ়াৰ নামত লোভ দি দি বস্তু গোটাই মাক দেউতাকে অভ্যাস বেয়া কৰিলে। অ'ত ত'ত পইচা দি দি বাপেকৰ অভ্যাস হৈয়ে গৈছে। ঘোঁচ নিদিলে আজিকালি কাম নহয়, সেইকাৰণে ঘৰতো  একেই কাৰবাৰ চলাইছে। ন বছৰীয়া লৰাৰ হাতত মোবাইল, অত্যাধুনিক খেলা সামগ্ৰী, নথকা বস্তু নাই।
কিন্তু পৰীক্ষাত নম্বৰকেইটা হে কিনিব পৰা নাই।
এমাহ পঢ়াই বাদ দিছিল আবেলিয়ে। প্ৰসাদ আহি ঘৰত কৈ কৈও নিব নোৱাৰি আবেলিৰ পাবলগীয়া এহেজাৰ টকা দিয়াৰ পাছতো ঘূৰাই নিছিল।
কান্দিছিল সেইদিনা তাই, জীৱনৰ প্ৰথম উপাৰ্জন আছিল। ঢেৰ কিবাকিবি ভাৱি থৈছিল। কিন্তু নিজ প্ৰাপ্যৰ হকে যুঁজিবলৈ তাইৰ তেতিয়াও শক্তি নাছিল, এতিয়াও নাই। প্ৰশাদৰ একেটা ধমকিত তাই থাপনাৰ পৰা পইচাকেইটা আনি ঘূৰাই দিছিলহি।
বৰমাকে বুজাইছিল, গোঁসাই আছে, এদিন সৱ বিচাৰ কৰিব।
তাই বিশ্বাস কৰিছিল। যদিও বৰমাকৰ বহুত গোচৰ ভগৱানৰ ওচৰতে পৰি থাকিল ওৰে জীৱন, আজিও তাৰ বিচাৰ নহ'ল, তথাপি থাপনাৰ চাকি গছৰ শলিতা ডালত, মাহ প্ৰসাদৰ শৰাইখনৰ থুৰীয়া তামোল খনত, বৰমাকে নিজৰ সমস্ত ভাৰ সামৰি ঈশ্বৰৰ ওচৰতে সঁপি দিয়ে নিজকে।
আবেলিয়ে দেখিছে, শিকিছে, তাকেই কৰি আহিছে।
মাক ভায়েকে ভাৱক অন্যায় কৰি মানুহৰ উন্নতি হৈছে বুলি, তাই নাভাৱে।
এখন ঈশ্বৰবিহীন পৃথিৱীৰ কল্পনাই তাইৰ কোমল মনটোক জোকাৰি যায়।
হাত দুখন যোৰ কৰি "কৃষ্ণ কৃষ্ণ" বুলি তাই বেৰৰ কৃষ্ণ ফটোখনত কপালখন লগাই দিয়ে।

***********

(আগলৈ)
#Indrani Sarmah ba
#copyright

©Kabita #story
#lovestory

Kabita

#আবেলি
#aabeli
খণ্ড (৭)

ঘৰৰ মানুহবোৰ শুইছে। চৌপাশে মাজৰাতিৰ নীৰৱতা।
দূৰৈৰ পৰা ভাঁহি আহিছে জিলিৰ মাত। মাজে মাজে শিয়ালৰ হুৱা।
ৰূমটোৰ লগত সংলগ্ন বাৰাণ্ডা খনত বহি ইটোৰ পিচত সিটো চিগাৰেট জ্বলাইছে আগানে।
যিবোৰ সি ভাবিছিল, তেনেকুৱা একো হোৱা নাই।
যিবোৰ সি ভৱাই নাছিল, সেইবোৰ ঘটিবলৈ ধৰিছে, লাহে লাহে..।
সেমেকা হাঁহি এটাৰে সি নিজৰ উথলি অহা আৱেগখিনিক নিজৰ পৰাই লুকুৱাবলৈ চেষ্টা কৰিলে।
এবাৰ হাৰি যোৱা মানুহে, ভাগি পৰা মানুহে কেনেকৈ জীয়াই থকাৰ কচৰৎ কৰে.. কেনেকৈ সপোন দেখে আকৌ সফল হোৱাৰ!
আজি এবছৰে সি এই একেটা প্ৰশ্নৰে উত্তৰ বিচাৰি ঘূৰি ফুৰিছে পাহাৰে ভৈয়ামে।
কত ৰাতি উজাগৰে আছে সমূদ্ৰতীৰত বালি ঘৰ সাজি সাজি..
কত দিন পাহাৰৰ শিখৰত ৰৈ প্ৰাণখুলি চিঞৰিছে..
বৰফত খুন্দিয়াই ভাঙিব খুজিছে বুকুৰ শিল।
অথচ উত্তৰ তাৰ পুৰণি ঘৰখনতেই আছিল, পুৰণি মানুহবোৰৰ মাজতেই আছিল।

সন্মুখৰ আন্ধাৰ এখিনি সি হাতেৰে খামুচি ধৰিলে।
ঠিক যেন খামুচি ধৰিব খুজিছে হেৰুৱাই পেলোৱা বিশ্বাস, সুযোগ, সময়।
পিছে ইমান আন্ধাৰত থাকিও মনটো তাৰ আজি অকণমান যেন পোহৰ পোহৰ  অনুভৱ হৈছে।
বেলিৰ কোমল মুখখনে আকৌ এবাৰ মনত ডোলা দি গ'ল।
এইবাৰ চকীখনত মূৰটো পেলাই চকুকেইটা জপাই দিলে সি।

"আগান, কি ভাৱি থাক অ, সোনকাল কৰ ।"
মাকে তাক সদায় ক'বলগীয়া হৈছিল এই কথাষাৰ।
তাৰ দেৰি হৈ যায়, সকলো কথাতে, সকলো কামতে।
মাকে আজিও ফোন কৰিছিল, সিহে কথা পাতিবলৈ সাহস কৰিব পৰা নাই।
বৰ বিশ্বাস কৰে তাক মানুহ হালে।  
এতিয়াও মাকে ক'ব, একো হোৱা নাই বাবা, তই বেছিকৈ ভাৱিছ, দেউতা আৰু মোৰ চাকৰি আছেই দেখোন, হ'ব, তই ধৰ্য্য ধৰ।
কিন্তু সি নভৱাকৈ কেনেকৈ থাকে?
মাক দেউতাকৰ ইমান খিনি টকা সি কিমান বিশ্বাসেৰে লগাইছিল কোম্পানীৰ নামত। নতুন recruitement, promotional seminars, meet ups,advertising এইবিলাকত গোটেইখিনি খৰচ তাৰেই আছিল।
দুবছৰীয়া মাষ্টাৰ্ছ  ডিগ্ৰী শেষ কৰাৰ পিছত এবছৰ মাত্ৰ চাকৰি কৰিছিল আগানে।
তাৰ পাছত আৰম্ভ কৰিছিল Brocode নামৰ নিজাকৈ এটা startup.
কথাবোৰ মনত পৰিলেই উশাহটো ঘন হৈ হৈ আহে তাৰ, নিচা কৰিবলৈ মন যায়, মুঠতে কিবা এটা খাই পাহৰি যাবলৈ মন যায় কোটি টকাৰ লোকচান।
জীৱনৰ আটাইতকৈ ধুনীয়া সময়খিনিৰ অপব্যয়।

নিজকে ভীষণ প্ৰেক্টিকেল বুলি ভাবি থকা আগানৰ সকলো আৱেগ কিয় জুখিব পাৰিছিল অৰ্ঘাই।
দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি একেলগে পাৰ কৰাৰ পাছতো বুজি নাপালে আগানে তাইক।
"You are so typical"
"Omg, that's so cliche"
পিছৰফাললৈ এইকেইটা কথা প্ৰায়েই শুনিব লগীয়া হৈছিল সি।
প্ৰত্যেকটো সিদ্ধান্ত যুক্তিৰে লোৱা অর্ঘাৰ জীৱনত আৱেগৰ স্থান নাই বুলি বুজোতে তাৰ দেৰি হৈছিল।
কিন্তু যুক্তি আৰু চুক্তি নোহোৱাকৈ ভাল পাই পেলাইছিল আগানে তাইক।
 
: তুমি অসমৰ?
: হয়, কেনেকৈ গম পালা?
: তোমাৰ ক্লাছমেট লিয়া মোৰ ফ্লেটমেট। তাই কৈছিল। আই এম অৰ্ঘা।
: আগান।

চিনাকি তেনেকৈয়ে।তাৰ পাছত বিদেশৰ মাটিত ভাত খোৱাৰ লগৰী হৈছিল দুইটা। প্ৰায়েই বন্ধৰ দিনত আগানৰ ৰূমত বহা আড্ডাত নিয়মিত অতিথি আছিল অৰ্ঘা। ঘৰলৈ মনত পৰিলে দৌৰি আহিছিল, বিহু নাচিছিল, পইতা ভাত বনাই খাইছিল।
: তুমি ইমান talented. কিবা এটা নিজে কৰাৰ কথা ভাবিব পাৰা। I mean something pathbreaking,original.

কৰিছিল আগানে। নিজৰ প্ৰজেক্টৰ সকলো ডিটেইলছ তাইক দি দিছিল। তাৰ পাচত...

চিগাৰেটটো হাততে জ্বলি জ্বলি তাৰ আঙুলিত কেতিয়া আহি পুৰিলেহি সি গমেই নাপালে।
এৰা, সি গমেই নাপায় বহু কথা।
সদায় দেৰি হৈ যায়।
চকীখনৰ পৰা উঠি সি আবেলিৰ ঘৰৰ ফালে চালে। অকণমানি পোহৰ এটা এতিয়াও জিলিকি আছে।
তাই এতিয়াও শোৱা নাই। পঢ়ি আছে চাগে।

বেলিয়ে খামুচি ধৰা চোলাৰ কলাৰটো এতিয়াও জেতুকা জেতুকা গোন্ধ এটা লাগি আছে।
কিছুদিন আগত সি দুখী আছিল, তাৰ পিছত উদাসীন, লাহে লাহে একোৱেই চুব নোৱাৰা হৈ আহিছিল তাক।
কিন্তু আজি যি হ'ল.. 
আবেলিৰ প্ৰতি ইমান মৰম, ইমান আকুলতা, ইমান আদৰ, এইয়া সহজ নে? স্বাভাৱিক নে?
আৰু যদি এইয়া স্বাভাৱিক তেন্তে মাত্ৰ এবছৰ আগলৈকে সি কেনেকৈ ভাল পাইছিল আন কাৰোবাক? কেনেকৈ দেখিছিল ভৱিষ্যতৰ সপোন?

কথাবোৰ আৰু নাভাবোঁ বুলি সি চিৰিকেইটাৰে নামি  বৰমাকৰ কোঠাৰ ফালে খোজ ল'লে।

প্ৰকাণ্ড ঘৰটোৰ এটা চুকত আগানৰ দৰেই সাৰে আছে অৰুন্ধতী। জ্বলাই থোৱা কম পোহৰৰ লাইটটোৰ ফালে চাই চাই প্ৰায়ে ৰাতিবোৰ এনেকৈয়ে কটাই আহিছে তেওঁ। আজি ভৰিৰ বিষটো আন দিনাতকৈ বেছি।
মনৰ অসুখে শৰীৰৰ অসুখ এনেও বঢ়ায়।
ল'ৰা- বোৱাৰীৰে ভৰি থকাঘৰ খনত তেওঁৰ গুৰুত্ব কোনোদিনেই নাছিল।
আজিৰ পৰা প্ৰায় পঞ্চাছ বছৰৰ আগৰ কোনোবা এটা দিনত এইখন ঘৰত ভৰি দিছিল অৰুন্ধতীয়ে।

ইচ্ছা জানো আছিল?
ওহোঁ, নাছিল।
পিছে সেই সময়ত বিয়াৰ ক্ষেত্ৰত ল'ৰা ছোৱালী কাৰোৰে অনুমতি লোৱা হোৱা নাছিল। ঘৰৰ ডাঙৰ মানুহে যি কয় সেয়া মানি লোৱাটো নিয়ম।
পিতাকৰ সামান্য উপাৰ্জনৰ পইচাৰে নটাকৈ ল'ৰা- ছোৱালী পোহপাল দিয়া সহজ নাছিল। তাতে মাজুলীৰ দৰে বানে গৰকা ঠাই এখনত।
: এবাৰ বিয়া পতা হ'লে কি হ'ল, দেখাই শুনাই ভাল, বি. এ পাছ। ধনে ধানে উভৈনদী। হাতী পুহিছিল আগেয়ে।
: ঘৰখনত তাইয়ে যি দুটা আখৰ পঢ়িছে। খগেন মাষ্টৰে কলেজত পঢ়াৰ কথা কৈয়ে আছিল। মেট্ৰিক একেবাৰতে চিঙিছে। তাকো চেকেন ডিফিজনত। আকৌ এবাৰ ভাৱক চোন। অমিয়াৰ কথাকে পাতি চাওক। বয়সৰ ফালৰ পৰাও মিলিব। অৰুন্ধতীক মোৰ ভনীজনীৰ তাতে ৰাখি পঢ়াব পাৰিম। সিহঁতৰ পইচা পাতিও সৰহ। খৰচ তায়ে দিব বুলিছে..

: চুপ থাক অ তই। ছেকেণ্ড ডিভিজনটো ফুটাব নোৱাৰে ওকালতি কৰিবলৈ আহে।বামুণৰ ছোৱালী এতিয়া চহৰত থাকি কলেচ গৰকিব নালাগে। এইবোৰ ইলাহী কাৰবাৰ কৰিবলৈ গৈ ছোৱালী অজাতি এটালৈ গুচি গ'লে কি কৰিবি? সমাজত নাক দেখুৱাব নোৱাৰিবি।

দেউতাকৰ গৰ্জনত মাক মনে মনে থাকে।

: মানুহঘৰ বৰ অৱস্থাপন্ন। তাই তাত ৰাণী হৈ থাকিব পাৰিব।
: বায়েকজনী থাকোঁতে তাইক বিয়া দিবলৈ..
: ল'ৰাই মেট্ৰিক ফেইল ছোৱালী বিয়া নাপাতে।

মাক পিতাকৰ কথাবোৰ মনে মনে শুনি থকা অৰুন্ধতীয়ে কলেজলৈ যোৱা সপোনটোত সেইদিনা ডাঙৰকৈ তলা এটা মাৰি থৈছিল। বায়েক অজন্তা আৰু অমিয়াতকৈ আগতেই বিয়া হৈ গুচি আহিছিল  জনাৰ্দনৰ সৈতে।
তেতিয়া তেওঁৰ প্ৰথমা পত্নীৰ মৃত্যু হোৱা ছমাহেই হোৱা নাছিল।
জনাৰ্দন আৱেগহীন মানুহ। সিদিনাই বুজিছিল অৰুন্ধতীয়ে।

তাৰ পাছত আৰু বুজিবলৈ সুযোগৰ অভাৱ নাছিল। আচলতে চহকী ঘৰখনত দাসী এজনীৰ দৰকাৰ আছিল। বামুণৰ ঘৰৰ চাকৰণী এজনী  স্থায়ীভাৱে পাইছিল চহকী মানুহঘৰে। ঘৰৰ বৰ বোৱাৰী হৈ শাহু শহুৰ, দুটা দেৱৰ, তিনিজনী ননদৰ দায়িত্ব লৈ কেতিয়া যে অৰুন্ধতীয়ে নিজক একেবাৰেই হেৰুৱাই পেলালে ধৰিবই নোৱাৰিলে।

মাকৰ ঘৰৰ পৰা লৈ অনা পেৰাটোত এতিয়াও সযতনে ৰাখিছে মেট্ৰিকৰ চাৰ্টিফিকেটখন, নিজে লিখা কবিতা, গল্প আৰু গানৰ কলিকেইটামান।
নিজৰ বুলিবলৈ সম্পত্তি সেয়াই।
বাকী সকলোবোৰ ঘূৰাই দিছে তেওঁ, যিজন মানুহে অৰুন্ধতীৰ দেউতাকক ভিকহু বুলি হাঁহিব পাৰে, সেইজন মানুহে দিয়া এপদ বস্তুৱো নালাগে।
অস্ফুট উচুপনি এটা নিজৰ অজানিতে ওলাই আহিল। কিমান নো আৰু চেপি ৰাখিব।

: বৰমা, কি হ'ল, কান্দিছা কেলেই।
: নাই.. নাই.. বিষতে কেঁকাইছো অ'। তই শুৱাই নাই হবলা?
: তোমাক চাই যাওঁ বুলি আহিছিলো।

দুখবোৰৰ কাৰণবোৰ, কথাবোৰ বেলেগ হ'লেও, মনবোৰ যে একেই।
অৰুন্ধতীৰ বাবে আগানৰ দুখবোৰ হয়তু বোধৰ বাহিৰৰ, আগানৰ বাবে বৰমাকৰ দুখবোৰ অচিনাকি।
এনেকৈয়ে নিৰ্জনতাত বৈ থাকে সকলোৰে বিষাদৰ একোখনি সাগৰ।
উত্তাল তাৰ ঢৌ, অথচ কোলাহল কেৱল নিজৰেই মাজত।

আন এটি দীঘল ৰাতি.. পাৰ কৰিবলৈ কিমান যে কষ্ট!!!

............... 

 ....আগলৈ

©Kabita #story
#lovestory

Kabita

#আবেলি
#aabeli

খণ্ড (৪)

বৰমাকৰ টোপনি যোৱা মুখ খনত লাহেকৈ হাতখন ফুৰাই দিলে আগানে। ৰূমটো ভালকৈ এতিয়াহে চাইছে সি, একেই আছে সকলো, পুৰণি হৈছে, কিন্তু সলনি হোৱা নাই।
 এতিয়াও বৰমাকে যৌতুকত অনা ড্ৰেচিং আইনা খন, কাঠৰ আলমিৰাটো,চিলাই মেচিনটো, সৰু বিচনা দুখন, প্ৰকাণ্ড খিৰিকীখনৰ গাতে লাগি টেবুল চকী এযোৰ, সকলোবোৰ একে ঠাইতে আছে।
 ঘৰটোত নতুন কোঠা কেইবাটাও বনালে, বৰদেউতাকৰো নতুন ৰূম হ'ল, কিন্তু পাকঘৰৰ কাষতে থকা বৰমাকৰ কোঠাটো একেই থাকিল।
সেই সৰুৰে পৰা দেখিছে আগানে, বৰদেউতাক আৰু বৰমাকৰ ৰূম বেলেগ বেলেগ।
তেতিয়াও, এতিয়াও।

: বাবা, শুৱা নাই নেকি ,মোৰ কেতিয়া টোপনি আহিলে গমেই নাপালোঁ পায়, বেলি ভাত খাবলৈ আহিলে নে? তই ভাত খোৱাই নাই চাগে ন..
আঁঠুটোত ধৰি বিচনাৰ পৰা উঠিবলৈ লৈ বৰমাকে তাক এফালৰ পৰা প্ৰশ্ন কৰি গ'ল।
: মনে মনে শুই থাকা, সৱেই ভাত খাই শুলে, বেলিও ঘৰলৈ গ'ল। ভৰি মালিছ কৰি দিছোঁ শুই থাকা।
: নালাগে ইছৰ, তই ভাগৰি আহিছ, শুগৈ যা। বহুত ৰাতি হ'ল, এখেত শুলে নে?
: কিতাপ পঢ়ি আছে ৰূমতে, মই এইমাত্ৰ গৰম পানী দি আহিছোঁ। বৰমা,মই আজি ইয়াতে শুলে বেয়া পাবা নেকি?
: বাবা... কি হৈছে তোৰ সোণ? অহাৰ পৰা বৰ কষ্ট কৰি হে অকণমান হাঁহিছ, আগৰ মুকলি হাঁহিটো নাই দেখা মই। কি হ'ল?মোকো ক'ব নোৱাৰ নে? ইমান চাফ চিকুণকৈ থাকি ভালপোৱা ল'ৰাটো এনেকুৱা ৰূপ কেলৈ ল'লি?
: এনেই।

ল'ৰাই নকান্দে।
 তাতে আগানৰ দৰে দেখাতেই কঠোৰ, আৱেগবিহীন যেন লগা পুৰুষে চকুপানী টুকিব নোৱাৰে আচলতে। সেয়া নিয়মৰ বাহিৰত। 
সেইবাবে যেতিয়াই কান্দিবলৈ মন যায়, জীৱনৰ ওচৰত হাৰি যোৱা যেন লাগে,তেতিয়াই আঁতৰি গুচি যায় দূৰলৈ, কোনেও নেদেখা ঠাইত বহি অকণমান কান্দিবলৈ।
পিছে, এতিয়া যে নিজৰ পৰা পলাই ফুৰিও ভাগৰ লাগিছে আগানৰ। কাক ক'ব সি মনৰ কথা, কোনে বুজিব!
বৰমাকে কাহানিও নেদেখা পৃথিৱী এখনত নিজৰ সকলো হেৰুৱাই থৈ আহিছে আগানে।
ভালপোৱাৰ নামত বাৰে বাৰে প্ৰতাৰিত হৈ বিধস্ত হৈ ঘূৰি আহিছে আগান।
এখন আৱেগবিহীন পৃথিৱীত আৱেগিক হোৱাৰ শাস্তি ভূগি ভূগি ভাগৰ লাগিছে এতিয়া তাৰ। এতিয়া যে একোৱেই ভাল নলগা হৈছে।
: বাবা, মা-দেউতাৰ লগত কিবা লাগিলি নেকি?
: নাই।
: গা মূৰ বেয়া নেকি তোৰ?
এনেতে আকৌ সেই একেটা নম্বৰ জিলিকি উঠিল তাৰ মোবাইলৰ স্ক্ৰীণত, আজিৰ দিনটোৰ ষোল্ল নম্বৰ ফোন। কাটি দিলে, কি ক'ব জনা আছে ভালকৈ।
আগান toxic, dramatic,regressive, emotional fool ইত্যাদি ইত্যাদি।

"It's just a one time thing ya, don't create a scene Agaan,be mature and stop being so dramatic.We should focus on our work"

বাহ,কিমান প্ৰেক্তিকেল আজিৰ পৃথিৱী, বিশ্বাস হে ভাঙিছে, তাতে কি ডাঙৰ কথাটো হ'ল। কাম চলি থাকিব লাগে।
তিনিজন মিলি গঢ় দিয়া start up টোৰ স্বতাধিকাৰী কেতিয়া তিনিজনৰ পৰা দুজন হ'ল সেয়াও আগানৰ অজানিতে ৰ'ল, তাতে কি হ'ল, ইমান ড্ৰামা কৰাৰ দৰকাৰ কি! 
অথচ আৰম্ভ আগানে অকলেই কৰিছিল এটা সৰু আইডিয়া লৈ, তাৰ বহুত পাছতহে আহিছিল অৰ্ঘা, লগত লৈ আনিছিল তাইৰ বন্ধুক..
আৰু তাৰ পাছত....
 
টিং।
নতুন মেচেজ।
"At least talk to me,we can sort it out"

ফোনতো অফ কৰি কাষৰ টেবুলখনত থৈ দিলে আগানে। বৰমাকৰ ভৰিকেইটা মালিচ কৰিবলৈ লাগিল। কেতিয়াবা একো নোকোৱাকৈ থাকি ভাল লাগে।
সৰু সৰু কথাত সুখ বিচাৰি ভাল লাগে।
বেলিৰ সৈতে খোৱা ভাতসাঁজ, বৰমাকৰ হাতৰ চাহ কাপ, যতীন দাৰ নুফুটা ইংৰাজী মিহলি কথা কেইটা, এইবোৰ দেখোন এতিয়াও তাৰ বাবেই ৰৈ আছিল। যোৱা এটা বছৰে কঢ়িয়াই ফুৰা মনৰ ধুমুহাজাক এদিনতে থমি গৈছে ক্ষন্তেকৰ বাবে হ'লেও।

বৰমাকৰ সৰু বিচনা খনৰ কাষতে তলত কাপোৰ এখন পাৰি গাৰু এটা লৈ টোপনি গ'ল আগান। কিমান দিনৰ যে ভাগৰ সামৰি ৰাখিছিল এই চকুহালে। বাহিৰত দোপালপিটা বৰষুণ।
অকণমান লুণীয়া পানী তাৰ চকুৰ পৰাও ওলাই আহিল।

(আগলৈ)
#copyright
#Indrani Sarmah b

©Kabita #story
#lovestory

Kabita

#আবেলি
#aabeli

খণ্ড (৪)

"অ’ মোৰ খিৰিকী মুখৰ উমাল ৰ’দ
ক'ব পাৰিবিনে?
কিয় বাজে ৰিণি ৰিণি
 অচিন সুৰৰ ৰাগ..
যাওঁ বুলিও চোন যাব নোৱাৰি
এৰি থৈ এই সুৰীয়া অনুৰাগ..

আবেলিৰ বাবে ৰৈ আছিল আগান।
কথাটো তাই যেন আকৌ এবাৰ শুনিব, আকৌ এবাৰ বাজিব বুকুত চিফুঙৰ সুৰ, জিৰ জিৰকৈ কৈ সৰিব মুঠি মুঠি বকুল..
কথাৰো যে কি মায়া..
বান্ধিছে তাইক নেদেখা জৰীৰে, মাথোঁ এটি কথাৰে, মাথোঁ এমুঠি আদৰে..

: কাঁইট বাচি দিম নেকি? চিতল মাছ, বহুত কাঁইট আছে। লাহে লাহে খাবি।

মুখামুখিকৈ বহি ভাত খাই থকা আবেলিক যেন পাৰিলে ভাত কেইটাও খুৱাই দিব আগানে। পাহৰিযয়ে গৈছে তাই যে এতিয়া আৰু সৰু হৈ থকা নাই।
সেই যে সি এৰি থৈ গৈছিল ক্লাছ এইটত পঢ়ি থকা আবেলিজনীক, তাৰ পিছৰ সময়চোৱাৰ এটা এটা পল অনুপলৰ খবৰ সুধিছে আগানে।
মেট্ৰিকৰ ৰিজাল্ট পাই তাই কান্দিছিল নেকি?
ইংৰাজীত লেটাৰ পাব বুলি তাই ভাবিছিল নে?
বায়’লজী তাই কিয় বেয়া পায়?
এতিয়া তাইৰ কোনোবা ভাল বন্ধু আছেনে?
টিউচন কৰি সময়মতে পাব লগীয়া পইচা কেইটা পায় নে নেপায়?
তাইৰ ভায়েকটো পঢ়াত কেনেকৈ ইমান বেয়া হ'বলৈ পালে, তাইৰ কথা কিয় নুশুনে?
: ফিজিক্সত মেজৰ কিয় ল'লি? মানে ইন ফিউচাৰ কি পঢ়িম বুলি ভাবিছ?
: এতিয়াই একো ভৱা নাই।
: আৰু মাত্ৰ এটা বছৰ আছে বুলি ধৰ, এতিয়াও ভবা নাই?
: ওহোঁ।
: কেতিয়া ভাবিবি? নে এনেই কলেজলৈ যাব লাগে কাৰণে গৈ আছ?
: চাকৰি বিচাৰিম। ঘৰত দিগদাৰ হৈছে।মানে পইচা..

ভাত কেইটা হাতেৰে এনেই পিটিকি পিটিকি শূন্যলৈ চাই উত্তৰ দিলে বেলিয়ে।
মনটো বেয়া লাগিল আগানৰ। মাজে মাজে সি জোখতকৈ বেছি কঠোৰ হৈ যায় বেলিৰ প্ৰতি। কিন্তু মৰমো জানো কম । সি বেলিক সৰুৰ পৰাই দেখি আহিছে। আনতকৈ পৃথক, অনুভৱী, খুব স্বাভিমানী আৰু একেবাৰে অভং ছোৱালীজনীলৈ তাৰ মৰম আছে। বৰমাকৰ পিছে পিছে লাগি ফুৰা সৰু ছোৱালীজনীক তাৰো আপোন আপোন যেনেই লাগে।
নতুন কথা এটা শিকিবলৈ সদায় আগ্ৰহী,কঠোৰ পৰিশ্ৰমী ছোৱালীজনীৰ মাজত থকা প্ৰচুৰ সম্ভাৱনা সি দেখিছে। সি বিচাৰে আবেলি এই সৰু ঠাইৰ পৰা ওলাই গৈ এদিন ডাঙৰ মানুহ হওক। আন দহজনী ছোৱালীৰ বাবে সাহস হওঁক। সমাজৰ কিছু প্ৰচলিত প্ৰথাক সলাই পেলাওক।
এদিন আহিব সেই দিন, আগানে জানে। মাত্ৰ সেই স্থান পোৱালৈকে আবেলিৰ সাহস হৈ থাকিব খোজে সি। বেলিয়ে নাজানে বৰমাকে তাইৰ হাতত গুজি দিয়া পইচাবোৰ যে বৰদেউতাকৰ নহয়, বৰঞ্চ আগানে সময়ে সময়ে বন্ধুৰ হতুৱাই বৰমাকৰ হাতত তাইৰ বাবে দি থৈ যোৱা এধানি মৰম, দায়িত্ববোধ।
আগানে জানে গম পালে বেলিয়ে হাজাৰটা প্ৰশ্ন কৰিব, তাইক পুতৌ কৰা বুলি ভাবিব, সেইবাবে সি বৰমাকক বাধা দিয়ে,বেলিয়ে যাতে এই কথা গম নাপায়।

সন্মুখত বহি তলমূৰকৈ ভাত খাই থকা ছোৱালীজনী কেতিয়া যে ইমান ডাঙৰ হ'ল সি ধৰিবই নোৱাৰিলে।
লাজ কৰিবও জনা হ'ল।
ফুটফুটিয়া চোলা এৰি কুৰ্তা পিন্ধা হ'ল।
মিঠা বৰণীয়া সৰল মুখখনত ক'লা অকণমানি ফোঁট এটাৰে কেতিয়া যে তাৰ বেলিফুল জনী আবেলি হ'ল!!
: মোক ইমান দিনৰ পিছত লগ পাইছ, একো নুসুধ তই?
: বৰমায়ে কৈ থাকে আপোনাৰ কথাবোৰ।
: হ'লেও, তোৰ নিজৰ ফালৰ পৰা একো নাই সুধিবলৈ?
: উম..আছে..মানে..আপুনি সদায় গা নুধুৱে নেকি?
:What??I mean really???ইমান দিনৰ মূৰত লগ পাই তোৰ বেলেগ একো সুধিব লগা নাই??
: গা নুধুৱাকে ভাত খালে আপোনাৰ বৰতাজনে গোটেই ঘৰটো গোবৰ পানীত ডুবাই দিব,  মোৰ আৰু বৰমাৰ হে কাম বাঢ়িব।সেইকাৰণে সুধিছো।
নিজৰ কথাত নিজেই লাজ পালে তাই।
পেটত ধৰি ধৰি হাঁহি থকা আগানক তাতে এৰি  বাচন ধুবলৈ বুলি উঠি আহিল।
: বাচন ধুব নালাগে তই বেলি, বহুত দেৰি হ'ল, কাইলৈ কলেজ আছে নহয়।
: মই খোৱা বাচন বৰমাক ধুবলৈ দিলে হে হ'ব এতিয়া।
: মই ধুম। যা এতিয়া ইয়াৰ পৰা।

আগানৰ কথা শুনি ঠাইতে থৰ লাগিল বেলি। 
পুৰোহিত ব্ৰাহ্মণৰ ঘৰৰ নিয়ম তাই ভালকৈ জানে। বৰমাকে লুকাই চুৰকৈ সেই নিয়ম ভাঙিছে যদিও জনাৰ্দন বৰঠাকুৰৰ সমুখত আজিলৈকে সাহস কৰা নাই। 
বৰদেউতাকৰ সৈতে একেলগে তাই খোৱা পাতত বহিব পৰা নাই, গোঁসাই ঘৰ সাৰি মচি চাফা কৰিলেও চাকি গছ জ্বলাবলৈ সাহস কৰা নাই। সত্যনাৰায়ণ পূজাৰ যোগাৰ কৰি দিলেও প্ৰসাদ ভগাই দিবলৈ আগবাঢ়ি যাব পৰা নাই। অথচ বৰদেউতাক নথকা অৱস্থাত বৰমাকে তাইক একেলগে একেখন বিচনাতে শুৱাইছে, একেলগে টেবুলত বহি খোৱাইছে, গেছত ইটো সিটো ৰান্ধিবলৈ শিকাইছে, লক্ষ্মী থাপনাৰ পৰা সেন্দুৰ আনি পাকঘৰৰ দেৱালত ৰেঘা আঁকিবলৈ দিছে।
বৰমাকৰ বাবে তাইয়ো লক্ষ্মী, দুখন ঘৰৰ লখিমী ছোৱালী। কেতিয়াবা মৰমতে তাইক লখিমী, সৰস্বতী এইবোৰ নামেৰেও মাতে বৰমাকে।
পথাৰৰ পৰা লখিমী আনি ভঁৰালত থ'বলৈ দিছে তাইক, ভৰি ধুৱাই পূজাও কৰিছে। 
এই সকলোবোৰ হয় বৰদেউতাকৰ অজানিতে।
"যতীন, পথাৰৰ পৰা লখিমী আনিব লাগিছিলে নহয়, এই আমাৰ গোবিন্দহঁতৰ নাতিনী জনীক কৈ থৈ আহিবি। মই কাইলৈ মিটিং এখনৰ কামত এফালে যাম।"
পিছদিনা কথাবোৰ সলনি হয়,গোবিন্দৰ নাতিনীৰ ঠাই আবেলিয়ে লয়।
পিন্ধি থকা চোলাটোৰ ওপৰতে মেখেলা চাদৰ পিন্ধি মূৰত ধানৰ ঠোক এটা লৈ তাই প্ৰকাণ্ড ভঁৰাল ঘৰটোৰ সমুখত ৰৈ থাকেহি, বৰমাকে থাল এখনত ধূপ চাকি সজাই আনি তাইক আদৰি নিয়েহি, ভৰি ধুৱাই সেৱা কৰে, গালত চুমা এটাও খায়।
" আই গোসাঁনী,আজিৰ পৰা তোমাক ইয়াতে থৈছোঁ আৰু।বেলি ,লক্ষী আইক ক আমাৰ লগতে যাতে পৃথিবীৰ সকলো মানুহ, জীৱ জন্তু চৰাই চিতিৰতিৰ ভাগতো অন্ন এমুঠি পৰে।"
তাইৰ বুকুখন ফুলি উঠে, নিজকে তেতিয়া সঁচাকৈয়ে লখিমী লখিমী যেন লাগে।
 কিন্তু বৰদেউতাক থাকিলে কথাবোৰ সলনি হয়। তাই গেছত একো ৰান্ধিব নোৱাৰে, গোঁসাইঘৰৰ বাচন চুব নোৱাৰে, বিছনাত বহিব নোৱাৰে। বিশেষকৈ বৰদেউতাক বা বৰমাকৰ বিচনাত।
 
আৰু আগানে আজি তাইৰ বাচন ধুব????

নাই নাই, তাই নিবিচাৰে তাইৰ বাবে ঘৰখনত অশান্তি হওঁক, বৰদেউতাক আৰু আগনৰ মাজত তৰ্ক হওঁক।
কিন্তু তাই যি ভয় কৰিছিল সেয়াই হ'ল।
: তই লগুণ লোৱা লৰাটোৱে এতিয়া গাভৰু ছোৱালীৰ ভাত খোৱা চুৱা ধুবি? হে'ৰা, কি হৈছে এইবোৰ, হে'ৰা.. অৰুন্ধতী..
হঠাৎ কি কৰিলে আগানে যেন বুজিয়েই নাপালে। পাকঘৰৰ দুৱাৰমুখত ৰঙা চকু দেখুৱাই ৰৈ আছে মানুহজন, বেচিনৰ ওচৰত আগান আৰু আবেলি।
: মই ধুইছো বৰতা, বৰমাক নালাগে মাতিব।
আগানৰ হাতৰ পৰা থাপ মাৰি নি বেলিয়ে তাইৰ কাঁহীখন ধুই পেলালে। বৰমাকে তাইৰ কাৰণে টান কথা শুনিব লগীয়া হ’লে তাইৰ দুখ লাগে।
আগানে আৰু কিবা কোৱাৰ আগতেই তাই সেইখিনিৰ পৰা আঁতৰি আহিল।

যতীন দাক মাতি আগবঢ়াই দিবলৈও নক'লে, অকলেই গুচি আহিল। ৰাতিটো যেন আন দিনতকৈ বেছি আন্ধাৰ আজি, জোনবাইজনীক ডাৱৰে কেতিয়াবাই গিলি পেলাইছে। চ'তমহীয়া আকাশখন এইবাৰ মুকলি নহ'লেই। হে প্ৰভু, আজি বৰদৈচিলা মাকৰ ঘৰলৈ নাহিলেই হ'ল।

***************

(আগলৈ) 
#copyright 
#Indrani sarmah ba

©Kabita #love story
#story

************

বেলিৰ মনত আশাৰ ৰামধেনু।
সপোনৰ বাট বহুদূৰ।
তথাপি জানো সেই বাটেৰে খোজ দিয়া নাযায়..
তথাপি জানো হেঁপাহ হেৰায়।
নাই.. সপোন দেখা জীৱনে নিজিৰায়.

এতিয়া যে আবেলিৰ সপোন বোৰ আৰু বেছি ডাঙৰ হৈছে। কেৱল বৰমাক বা কলেজৰ চাৰ বাইদেউ সকলেই নহয়, তাইক লৈ এতিয়া আন এজন বিশেষ মানুহেও দেখে সপোন।
দুগুণ উৎসাহেৰে পঢ়িব লাগিব এতিয়া, দুগুণ কষ্ট কৰি ঠন ধৰি উঠিব লাগিব। নিজৰ বাবে আৰু বেছি ভালপোৱা সামৰিব লাগিব।
পঢ়া টেবুলত ধুপ এডাল ঘূৰাই আবেলি পঢ়াত বহিল। কিতাপ আৰু বৰমাকৰ বাহিৰে একো চিন্তা নকৰা বেলিৰ মনত আগানেও পঢ়াৰ সময়ত ভুমুকি মাৰিব নোৱাৰে।
আজিৰে পৰা sessional পৰীক্ষা। এমাহ পিছতে ফাইনেল পালেহিয়েই। বিহুৰ পিছৰে পৰা বৰমাকৰ ঘৰলৈও যাব নোৱাৰা হ'ল ।
বাধা দিয়া মানুহজন আন কোনো নহয়, আগান। বিহুৰ পিছদিনা বৰমাকৰ লগত কথা পাতি থাকোঁতে তিনিদিন পাছতে পৰীক্ষা বুলি শুনি গালি পাৰি পঠিয়াই দিলে। তেতিয়াৰে পৰা ৰাতিপুৱা আগান উঠাৰ আগতেই এবাৰ বৰমাকক চাই আকৌ পঢ়াৰ টেবুলত বহে আবেলি। খোৱাৰ যোগাৰ ধৰিছে যতীন দায়ে ।
টিফিনত মাজে মাজে চকলেট এটাও আহে।
সেইটো কোনে দিয়ে যতীন দায়ে নকলেও তাই বুজে।

পঢ়াখিনি আকৌ এবাৰ ৰিভাইজ কৰি তাই গা ধুই ইউনিফৰ্ম যোৰ পিন্ধি বৰমাকৰ ঘৰলৈ ওলাল। ৰাতিপুৱা ভাতকেইটা বৰমাকে খুৱালেহে তাইৰ পৰীক্ষা ভাল হয়। বৰমাকক চিঞৰি তাই সোমাবলৈ লওঁতেই জলপান খাই থকা বৰদেউতাকৰ গৰ্জন..
: ঐ, ৰ, ৰ, একদম ভিতৰ নুসুমাবি।
চিপচিপিয়া বৰষুণজাকত চুৰ্ণী খন মূৰত লৈ ৰৈ থকা  আবেলি ঠাইতে থৰ লাগিল।
: হেৰা, হেৰা.. এইক ঘৰলৈ অহা বন্ধ কৰিবলৈ কৈছিলো নে নাই মই তোমাক। কি কৰি আছা পাকঘৰত, মোৰ কথা মূৰত নুসুমায় নেকি?

ৰাতিপুৱাই দৌৰিবলৈ ওলাই যোৱা আগান ঘৰ সোমাইছিলহে, আহিয়েই হুলস্থুল শুনি কি হৈছে বুজ ল'বলৈ সি বৰতাকৰ ওচৰ পালেহি।

: কিয়, বেলি ভিতৰলৈ আহিব নালাগে কিয়?
: বাবা, তই এইবোৰত নুসুমাবি। ঐ ছোৱালী,তোক কি লাগে তাৰ পৰাই লৈ যা। হেৰা, এইক কি লাগে দি দিয়া।
: কিন্তু তাই হঠাৎ ভিতৰলৈ সোমা়ব নোৱৰা হ'ল কেলেই?
: কাৰণ মই হাক দিছোঁ। তাইৰ মাকে মোৰ মান সন্মান শেষ কৰি দিছে, এদিন তায়ো কৰিব। সেইদিনা মাটিৰ সীমা লৈ এইৰ মাকে জয়ন্ত আৰু মোৰ লগত কিমান কাজিয়া কৰিছে তই নাজান নহয়। মুঠতে এই বা ইহঁতৰ ঘৰৰ কোনো মানুহ মোৰ ঘৰত সোমাব নোৱাৰে।

: মাকে কাজিয়া কৰিছে তাত বেলিৰ কি দোষ। বেলি, ভিতৰলৈ আহ।

একো নেজানে তাই। কেতিয়া মাকে কাজিয়া কৰিলে তাই গমেই নাপায়। বৰমাকেও একো কোৱা নাই। ইমান ফুৰ্তিৰে ওলাই আহিছিল ঘৰৰ পৰা, এতিয়া দেখোন..

: মাকৰ কথাই নহয়, এইৰ স্বভাৱ চৰিত্ৰ ভাল নহয়।
সেইদিনা বাবুলে কৈছে নহয় মোক..

কথাষাৰ মুখৰ ভিতৰতে ভোৰভোৰাই ক'লে যদিও আগানৰ কাণত ঠিকেই পৰিল। 
 :F@*k this nonsense.
: কি কৈছ তই?

বৰতাকৰ ওপৰত চিঞৰিব নোৱাৰি সি আবেলিকে ধমকি দিলে।
 
: আপোনাক কোৱা নাই।বেলি, মই কৈছোঁ ভিতৰলৈ আহ।
: নালাগে, মই ইয়াতে ঠিক আছোঁ।
: নিজে আহিবি নে মই ডাঙি লৈ আনিম।

আগানৰ ডাঙৰ মাত শুনি পাকঘৰৰ পৰা দৌৰি ওলাই আহিছে বৰমাক। আজি বা কি অঘটন ঘটে।
ইতিমধ্যে ডাইনিং টেবুলত জলপানৰ বাতিত পানী এখিনি ঢালি যুদ্ধৰ আগজাননী দিছে তেওঁৰ স্বামীয়ে।
দুৱাৰমুখত  বৰষুণত তিতি তিতি ৰৈ আছে আবেলি।
ঠাণ্ডাত নে ভয়ত তাই মাজে মাজে কঁপি আছে বুজাটো টান।
: যতীন, যতীন.. গোবৰ পানী এখিনি ঢালি দে ইয়াত।

এখোজ দুখোজকৈ ভিতৰলৈ সোমা়েই আহিছে আবেলি। বৰদেউতাকৰ ৰঙা চকুকেইটাই তাইক বাৰে বাৰে বাহিৰলৈ ঠেলিছে। পাকঘৰৰ দুৱাৰ মুখত হাতত হেঁতা এখন লৈ অসহায় ভাৱে চাই আছে বৰমাকে।
আৰু এই সকলোবোৰ  আওকাণ কৰি তাইক টেবুলত বহুৱাবলৈ আঁকোৰগোজ হৈ ৰৈ আছে আগান।

বৰদেউতাকৰ কাষৰ চকীখন টানি তাইক চকুৰে বহিবলৈ ইংগিত দলে আগানে।
: মই....ইয়াত? মাটিতে..
: চুপ। একদম চুপ। বহ।
বহো নবহোকৈ গাটোৰ সামান্য ভৰহে চকীখনত দি তাই বহিল।
: বৰমা, বেলিৰ ভাত ক'ত?
:অ..অ...আনিছোঁ।

বৰদেউতাক তেতিয়াও কাষৰ চকীখনৰ পৰা উঠি যোৱা নাই। একেথিৰে চাই আছে আবেলিৰ ফালে।
এজনী বনকৰা ছোৱালীৰ এই দুঃসাহস?
যি সাহস তেওঁৰ পত্নী, বোৱাৰী কাৰোৰে নাছিল, সেয়া আগানৰ উচতনিত এই 'অজাতি' ছোৱালীজনীয়ে কৰিব পাৰিলে।
বুঢ়া আঙুলি দেখুৱাব পাৰিলে তেওঁৰ অহংকাৰক।

ধোঁৱা ওলাই থকা ভাতৰ কাঁহী খন আবেলিৰ সন্মুখত থৈ অৰুন্ধতীয়ে বেলিৰ মূৰত হাত ফুৰাই এবাৰ স্বামীৰ ফলে চালে।
ঠিক যেন ক'ব খুজিছিল, অন্যায় সহিবলৈ সকলো বাধ্য নহয়, বন্দী নহয়।
: কি চাই আছ, ভাত খা।
আগানৰ আজি হৈছে কি? ইমান খং, ইমান জেদ?
এনেই জানো মহাদেৱৰ লগত তুলনা কৰে বেলিয়ে! হঠাতে তুষ্ট, হঠাতে ৰুষ্ট এই মানুহটো।
ভাতকেইটা সানিবলৈ বুলি হাতখন তুলি লৈও ৰৈ গ'ল তাই, ভয় ভয়কৈ আকৌ কাষৰ চকীখনত বহি থকা বৰদেউতাকৰ চকুলৈ চালে।
হাতখন আপোনা-আপুনি তললৈ নামি আহিল তাইৰ।
: এইবোৰ মানে, চাওঁ,মুখ মেল।
: নহয়.. মই নিজে খাম..
: মগজ বেয়া নকৰ, মুখ মেল।
তাইৰ কথা কোনে শুনে। গৰম গৰম ভাত খিনিত দাইল অকণমান দি সানি পিটিকি তাইৰ মুখৰ আগত ধৰি ৰৈ আছে আগান।
এনেকুৱা সময়ত তাই মুখখন মেলাৰ বাহিৰে আৰু কি কৰিব পাৰে।
: বেছি গৰম নেকি?
এইবাৰ তাই মাত্ৰ মূৰটো লৰাই হয় বুলি ক'লে।
পিছৰ গৰাহ ভাত তাইক দিয়াৰ আগতে মুখেৰে দুবাৰ মান ফুৱাই ঠাণ্ডা কৰি দিলে সি।

সহ্যৰ সীমা কেতিয়াবাই চিগিছিল। 
 চকীখন জোৰেৰে ঠেলি উঠি গৈছে জনাৰ্দন বৰঠাকুৰ।
বেলিলৈ এৰি থৈ গৈছে আহিব লগীয়া ধুমুহা এজাকৰ আগজাননী।
: গিলিবলৈ বেলেগকৈ গালি দিব লাগিব?
: ইমান খৰখৰকৈ খাব পাৰি নেকি! সৱতে উস্তাদি।

শেষৰ কথাটো মুখৰ ভিতৰতে কৈছিল যদিও আগানৰ কাণত ঠিকেই পৰিল।
পানী খাই খাই ভাত গিলি থকা আবেলিৰ খং উঠিলে মুখখন ঠিক আবেলিৰ সুমথিৰা বৰণৰ বেলিটোৰ দৰেই হয়।
চাই থাকিলেও হেঁপাহ নপলায়।

: আৰু নাখাওঁ, যাওঁ দেৰি হৈছে। অ বৰমা যাওঁ দেই।
মুখখন ধুই আগানলৈ ঘূৰিও নাচালে তাই। বৰমাকক সেৱা এটা কৰি দুবাৰমান গোঁসাই ঘৰটোৰ ফালে চাই মূৰ দোঁৱালে।
: ভালকৈ দিবি দেই পৰীক্ষা।
বেলিৰ গালখনত বৰমাকে চুমা এটা আঁকি দিলে।
এইয়া পুৰণা নিয়ম। পৰীক্ষালৈ যাওঁতে তাই বৰমাকক সেৱা এটা কৰে আৰু বৰমাকে মৰমতে চুমা এটা খায়।
পিছে আজি আগানৰ আগত তাইক এনেকৈ চুমা খাই দিওঁতেহে লাজ এটাই আৱৰি ধৰিলে।
একেসময়তে তাই আগানলৈ চালে, সি চোন তাইলৈকে চাই আছে।
সেই যে বিহুৰ দিনাখন...
গালখন চুই চালে তাই।
: ইখন গালতো  এটা লাগে নেকি?
:হাঁ ! নালাগে, নালাগে। যাওঁ দেই।
বাওঁহাতেৰে দাঢ়িখিনি ঠিক কৰি কৰি নিজৰ হাঁহিটো যেনেতেনে ৰখাই থোৱা আগানে আৰু কিবা অঘটন ঘটোৱাৰ আগতে বেগটো বুকুত সাৱটি সেইঠাইৰ পৰা দৌৰি পলাল বেলি।

: বাবা, তই এইবোৰ কৰি বৰদেউতাৰৰ খংটো উঠাই ল'ব নালাগিছিল। তই মন গলেই ইয়াৰপৰা গুচি যাবি, ভুগিব লাগিব বেচেৰি বেলিজনীয়ে। তাইৰ মোৰ ওচৰলৈ অহা বাটটো একেবাৰে  নামাৰিবি। ছোৱালীজনীৰ মোৰ বাহিৰে কোনো নাই। মই কিবা এটা কৰি কৈ বুজাই বঢ়াই ললোহেঁতেন ।

: বৰমা, মই বেলিৰ অপমান সহিব নোৱাৰিম। আজিৰ নিচিনা আকৌ হ'ব, বাৰে বাৰে হ'ব ।
I am sorry for that.

 ....আগলৈ
#copyright
#indrani sarmah ba

©Kabita #story
#love

Kabita

#আবেলি
#aabeli
খণ্ড (৫)

বাৰে বাৰে ঘড়ীটোলৈ চাইছে বেলিয়ে, মাকহঁত এতিয়াও আহি পোৱাহি নাই। ইফালে বাহিৰত বৰষুণ। ভীষণ ভয় লাগিছে তাইৰ।  ঘৰখনত যে তাই অকলে আছে ,অকণমানো চিন্তা নাই মাকজনীৰ। ফোনটো
আজিও দি থৈ যোৱা নাই তাইক।
সেইটো সদায় ভায়েকৰ হাততে থাকে, তাই কেতিয়াবাহে চুবলৈ পায়। আজিও খুজি খুজি ল'ব নোৱাৰিলে।
পঢ়াতো মন বহাব পৰা নাই তাই, বাহিৰত খিটিককৈ শব্দ এটা হ'লেই একেজাপে চকীৰ পৰা উঠি আহি বিচনা পায়হি।
দুটা কোঠালীৰ ঘৰটো আজি তাইৰ বৰ ডাঙৰ যেন লাগিছে। আনদিনা তাই ইটো কোঠাত পঢ়ে।
ভায়েকৰ গধূলি হ'লেই মোবাইলত গেইম খেলাৰ উৎপাত বেছি হয়। সেইকাৰণে তাই নিজেই আনটো কোঠালৈ ওলাই যায়।
তাতে প্লাষ্টিকৰ টেবুল এখন আৰু চকী চাৰিখন আছে। দিনত আলহী আহিলেও তাতে বহিবলৈ, চাহ খাবলৈ দিয়ে।ৰাতি  হ'লে বেলিৰ পঢ়া ঠাই।
আজি পিছে তাই শোৱা কোঠালিৰ পৰা বাহিৰ হোৱা নাই। গাতে লাগি থকা পাকঘৰ নামৰ অকণমানি চালি খনৰ তললৈ যাবলৈও তাইৰ ভয় লাগিছে।
 মাকে সৰুতেই ভয় খুৱাই দিছিল, নানানটা কাহিনী শুনাইছিল যাতে তাই ৰাতিও অকলে বৰমাকৰ ওচৰলৈ দৌৰ নামাৰে। সেই কথাবোৰে যে তাইক এতিয়াও সঁচা মিছাৰ জাল এখনেৰে বান্ধি থৈছে।
 
ৰ'দালিয়ে উপহাৰ দিয়া অকণমানি কৃষ্ণৰ মূৰ্ত্তি জনা তাই কিতাপৰ টেবুলতে ৰাখিছে, এতিয়া পাৰে মানে মাজে মাজে সেইফালে চাই চাই মনতে "কৃষ্ণ কৃষ্ণ" বুলি সেৱা কৰি আছে। 

পিছফালৰ দৰ্জাখন ধমধমকৈ কোবাইছে কোনোবাই।
: কোন? কোন আহিছে?
যেনেতেনেহে মাতটো ওলাইছে তাইৰ।
: আমি, দুৱাৰ খন খুলি দে।
মাকৰ মাত শুনি  উশাহটো ঘূৰি আহিল তাইৰ। দৌৰি গৈ দুৱাৰ খুলি দিলে। কিন্তু  তাই আটাইতকৈ বেছি বেয়া পোৱা মানুহটো এই ৰাতিখন মাকহতৰ লগত সিহঁতৰ ঘৰলৈ কিয় আহিছে?

: যা বেলি, গৰম পানী অকণ গেছত তুলি দেগৈ, বাবুলে আদা দিয়া ৰঙা চাহ একাপ খাই যাওক। গাড়ীখন ৰাস্তাতে থৈ তিতি বুৰি আমাক আগবঢ়াই দিছে দেহি।

তাৰমানে মাক আৰু ভায়েক বাবুলৰ গাড়ী‍ত উঠি ঘৰলৈ আহিছে। কথাটো শুনি তাইৰ মাকলৈ আৰু বেছি খং উঠি আহিল। মানুহজনীৰ এই সুবিধা লোৱা স্বভাৱটোৰ কাৰণেই সিহঁত কোনোবাদিনা যে বিপদত পৰিব তাই নিশ্চিত।

: এই মাজৰাতি চাহ খায় মানুহে?
 বাবুল ৰৈ আছে, নাখাওঁ বুলি কোৱা নাই। নকয়, তাই জানে।
কিন্তু মাকে চকু ৰঙা কৰি দেখুৱালে যেতিয়া তাইৰ উপায় নাই। 
: তুমি পাকঘৰতে বহা দেই বাবুল, আমি কাপোৰ কানি সলাই আহো।
 সৰু চালিখনৰ তলতে প্লাষ্টিক চকী এখন আনি মাকে বাবুলক বহিবলৈ দিলে।
 আবেলিয়ে এবাৰলৈও তাৰ ফালে চোৱা নাই। সি কিবা কিবি কৈ আছে, তাইৰ চকু গেছত উতলি থকা পানীখিনিতে স্থিৰ।

 : আ...আস।
 জিকাৰ খাই উঠিল আবেলি। হঠাৎ কঁকালৰ বাওঁফালৰ এটা অংশ যেন চিঙি এৰুৱাই নিব খুজিছে কোনোবাই।
 : ইস, বৰ খং তাইৰ মোলৈ। মোৰ গাড়ীত কেতিয়া উঠিবি?
গাড়ীৰ  চাবিপাতেৰে খুঁচ মাৰি পকাই দিছে বাবুলে,
তাই যে কিমান দুখ পাইছে সি যেন দেখাই নাই, নাইবা সি তৃপ্তি পাইছে, তাক বাৰে বাৰে অপমান কৰা আবেলিক কষ্ট দি ভাল লাগিছে তাৰ। এইবাৰ সি আৰু জোৰেৰে টানি আনিলে চাবিটো। তাই পিন্ধি থকা পাতল চোলাটো চাবিটোৰ সমানে সমানে ফাটি এৰাই গৈছে।
খিকখিককৈ হাঁহি থকা বাবুলৰ লেতেৰা মুখখন লেমৰ পোহৰত আৰু ভয়ংকৰ হৈ উঠিছে ,ঠিক অসুৰৰ দৰে,  হিংস্ৰ  জন্তুৰ দৰে।
কি আছিল সেয়া!
বেলিৰ এনে লাগিল যেন তাইৰ গোটেই গাতে  কুমজেলেকুৱা এসোপা বগাই ফুৰিছে, ভৰিৰ তলৰ মাটিখিনি হুৰুসকৈ তললৈ সোমাই গৈছে,
বাহিৰৰ ধুমুহা বৰষুণজাক হঠাৎ ৰৈ গৈছে, আৰু তাইক লগত লৈ আকৌ দুগুণ জোৰেৰে বলিছে।
গাৰ সমস্ত তেজৰ কণিকা তাইৰ মগজুত আহি যেন থূপ খালেহি, অলপ পিছতেই  ফাটি যাব প্ৰতিডাল সিৰা উপসিৰা।
আগ পাছ নাভাৱি উতলি থকা গৰম পানীৰে সৈতে চছপেনটো মাৰি পঠিয়ালে তাই বাবুলৰ গালৈ বুলি।

: আয়ৈ মৰিলোঁ ঐ, কি পাগল ছোৱালী.. উফ উফ...

ছটফটাই থকা বাবুলৰ চিঞৰ  শুনি দৌৰি আহিল মাক। হয়তো বেলিৰ মূৰ্তি দেখি বুজিও পালে কি ঘটিছিল। চোলাটোৰ ফটা অংশটো হাতেৰে ধৰি খঙত ঘন ঘন উশাহ লৈছে তাই। কোনোদিনে কাৰো লগতে কাজিয়া পেচাল নলগা আবেলিৰ এই ৰূপটো মাকে আগতে কেতিয়াও দেখা নাই। এই মূহুৰ্তত তাই কি কৰিছে নাজানে, মাকে কিবা ক'লে মাককো কি কৰি দিব ঠিক নাই।
: তুমি ঘৰলৈ যোৱা বাবুল, কাকো একো নক'বা, আমিও নকওঁ। যোৱা যোৱা। কি কাণ্ড কৰিলি তই বেলি, হে হৰি গোটেই খন পুৰিলে হেৰৌ।
মজিয়াত পৰি থকা বাবুলৰ কাষেদি পাৰ হৈ আহোঁতে মাকৰ ফালে চাই পঠিয়ালে বেলিয়ে।
মানুহজনীৰ চকুত অপৰাধবোধ বা অনুশোচনা আছেনে?
ওহোঁ নাই।
পিন্ধি থকা চোলাটো সলাব খুজিও নসলালে তাই, ঘাঁ টুকুৰা চালে, দীঘলকৈ দাগ এটা বহি গৈছে, ফুলি গৈছে, এতিয়া বিৰিঙি বিৰিঙি তেজ ওলাইছে। মাকৰ কপাহী চাদৰ এখনৰ এটুকুৰা ফালি ঘাঁ টুকুৰাত হেঁচা মাৰি বিচনাত পৰিল বেলি।
বৰষুণজাকৰ শব্দ আৰু আবেলিৰ উচুপনি একাকাৰ কৰি সাপ এডালৰ দৰে বগাই গৈছে  ভয়লগা ৰাতিটো।

**********

গোটেই ৰাতি সাৰে থাকি ৰাতিপুৱাহে বেলিৰ অকণমান টোপনি আহিছিল। আনদিনাৰ দৰে আজি মাক বা ভায়েকে চিঞৰ বাখৰ কৰা নাই। ঘৰখন একেবাৰেই নিজান।
: মই কামলৈ যাওঁ, বুঢ়ীমাৰে মাতি আছে অথনিৰে পৰা। মই শুই আছে বুলি কৈছোঁ। যি হ'ল হ'ল। এইবোৰ কথা বৰমাৰক নক'বি। ভাতকেইটা খাই ল'বি।
এবাৰকৈ নুসুধিলে মাকে তই দুখ পালি নেকি বুলি। কথাবোৰ ইমান সাধাৰণ  মাকৰ বাবে?
ইমান জটিল মানুহজনীৰ গৰ্ভত বেলি বাৰু কেনেকৈ জীয়াই আছিল!!
: বেলি, মাজনী.. বেলি।
বাৰীৰ ঢাপৰ জেওৰাখনৰ ওচৰৰ পৰা বৰমাকে মাতি আছে তাইক।
কিন্তু কেনেকৈ ওলাব তাই বৰমাকৰ সমূখত।
কি হৈছে বুলি সুধিলে কেনেকৈ বুজাব কি হৈছে?
আৰু যদি আগানে সুধে।
কলেজলৈ কেনেকৈ যাব তাই?
ৰ'দালিক কি ক'ব?
উখহি থকা চকুকেইটা দেখি  চাৰসকলে জানো নুসুধাকৈ থাকিব?
ওহোঁ,তাই নোৱাৰে এনেকৈ ওলাব। কেতিয়াও নোৱাৰে।
মাকে ওলাই যাওঁতে শুনাই থৈ গৈছে..
"এইবোৰ সৰু কথা, ধেমালিহে কৰিছিলে বাবুলে, ভুলতে বেছিকৈ লাগিল চাগে।"

ধেমালি ধেমালিতে বেলিৰ দৰে বহু ছোৱালীৰ ঘাঁ কিছুমান ৰ'দ নোপোৱাকৈ থাকি যায়।
বীজাণু হৈ বিয়পি থাকে মন মগজুত, তৰপ তৰপকৈ তাত আৱৰণ দিয়া হয়, বাহিৰ দেখিবলৈ নোপোৱা ঘাঁ টুকুৰা আৰু বেছি ভিতৰলৈ শিপাই যায়। 
অনন্তকাললৈ থৈ যায় ক্ষোভ, অসহায়বোধ।
আৰু কেতিয়াবা অপৰাধবোধ।
অপমানিত হোৱাৰো হিচাপ আছে, ক'ত চুলে কেনেকৈ চুলে তাৰ ওপৰত নিৰ্ভৰ কৰে কথাটো কিমান লাজৰ, চৰমসীমা নোপোৱালৈকে কথাবোৰ, ঘাঁ বোৰ ' ডাঙৰ কথা ' নহয়।

নিজকে বৰ যতনেৰে ৰাখিছিল বেলিয়ে । তাইৰ বয়সৰ আন কিছুমান ছোৱালীক কৰাৰ দৰে কথাৰ চলেৰে তাইক কোনেও কেতিয়াও ঢকা মাৰি দিব নোৱাৰে। পাতলীয়া কথাৰে অশ্লীল ইংগিত দিব নোৱাৰে।
 তেনেই কম বয়সতে বৰমাকে শিকাইছিল তাইক, সকলো স্পৰ্শ মৰমৰ নহয়, আদৰৰ নহয়।
সেই কোমল বয়সৰ পৰা এতিয়ালৈকে তাই নিজক অসৎ চৰিত্ৰৰ মানুহৰ পৰা বৰ সাৱধানেৰে বচাই আহিছে। 
কিন্তু কালি ৰাতি যি হৈ গ'ল, সেয়া তাই নোহোৱা কৰিব কেনেকৈ? তাত তাইৰ ভুল নাছিল যদিও কিয় ইমান অসহায় যেন লাগিছে তাই নাজানে।
ঘাঁ টুকুৰাৰ পৰা এতিয়াও বিৰিঙি আছে তেজৰ চেকুৰা। ক'লা পৰি আছে ঠাইখিনি।

: বেলিফুল পাহি, 
ভাত থৈছে বাঢ়ি, 
খাবলৈ নগ'লে ভালেই পাওঁ, 
চাউল এপোৱা হয় ৰাহি। 
অ' বেলি.. অ বোলো কলেচলৈ নেযাৱ নে হেৰৌ।

আন দিনাৰ দৰেই গান এটা গাই গাই যতীন দা আহিছে তাইক মাতিবলৈ। তাই যে বিচনাৰ পৰা উঠিবই পৰা নাই। আজি এদিনতে গাটো যেন বৰ গধূৰ হ'ল বেলিৰ।
: আজি নাযাওঁ যতীন দা। গাটো ভাল লগা নাই।
: ওলাই আহ চোন বাও, কি হৈছে চাই যাওঁ। কাইলে পৰহিলে বিহু, তই নৰিয়াত পৰিলে হব নে আই।
: সঁচাকে কৈছোঁ, আপুনি বৰমাক কৈ দিব দেই।
: হয় নেকি, চেহ,অকলে অকলে কি কৰিবি এতিয়া?মাৰ জনী কামলৈ নগলে নহয় নি আজি। ভায়েৰ বাও ইস্কুল যাবই লাগিব। চেহ, কি বা হ'ল ছোৱালীজনীৰ দেহী।
নিজৰ লগতে কথা পাতি পাতি যতীন দা আঁতৰি গ'ল। বেলি উঠি আহি দৰ্জাখনৰ খিলিটো মাৰি আকৌ বিচনাত পৰিল।

সম্পূৰ্ণ তিনিটা দিন আবেলি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিল। ওলাই আহিলেই যে বৰমাকে মাতিব তাইক, আগানে কি হৈছে সুধিব তাইক। মাকে এইকেইদিন তাইক একো নাইকোৱা। ভায়েকেও কাজিয়া কৰা নাই। মাত্ৰ মাজে মাজে তাইক কয় "বাবুলক পিটিব লাগিব"। সি সৰু হৈ থকা নাই এতিয়া। মাকে লুকুৱাই ৰাখিলেও কথাবোৰ বুজি পায়। ৰ'দালিৰ ফোন আহিলে কাজিয়া নকৰাকৈ ফোনটো দি থৈ আঁতৰি গৈছে। ভাস্কৰ চাৰ, প্ৰাঞ্জল চাৰ সৱেই তাইৰ খবৰ সুধিছে।
: আবেলি, তোৰ কি হৈছে সঁচাকৈ ক না, মই কাকো নকওঁ।
: একো নাই হোৱা।
: কাইলৈৰ পৰা বিহুৰ বন্ধ, তোক লগেই নাপালোঁ। মই আহিম বুলি কলেও তই নালাগে নালাগে বুলি ক'বি।
: নালাগে আহিব। কেইদিনমান পাছত লগ পামেই। থ এতিয়া।

নিজকে আকৌ এবাৰ থিয় কৰাবলৈ তাইক সম্পূৰ্ণ তিনিদিন লাগিল। তথাপি যে খোজকেইটা দিওঁতে টানি টানি ধৰা বিষটোৱে কথাবোৰ পাহৰিবলৈ দিয়া নাই।
কিন্তু কাইলৈ বিহুৰ উৰুকা। বৰমাৰ ঘৰটো আলহীৰে ভৰি পৰিব। তাৰ আগতেই তাই বৰমাকক এবাৰ চাই আহিব লাগিব।
পিন্ধি থকা ফ্ৰকটো সলাই তাই পাতল সেউজীয়া কূৰ্তা আৰু বগা পেণ্টটো পিন্ধি চুলিকেইদাল অলপ ঠিক থাক কৰি ওলাই আহিল। বৰমাকে অবেলিৰ চাহ বনাই আছে। বৰদেউতাকে যতীন দাক ঘৰৰ ইটো সিটো বস্তু ইফাল সিফাল কৰিবলৈ দিহা দি আছে। ঘৰত ওচৰৰে দুগৰাকী মানুহে কাম কৰি আছে। কাইলৈ ঘৰখন বৰমাকৰ তিনি পুত্ৰ, বোৱাৰী নাতি পুতিৰে ভৰি পৰিব।
আবেলিৰ স্থান নাথাকিব।
: বৰমা, মই কৰিছোঁ দিয়ক।
তাইৰ মাত শুনি বৰমাকৰ চিন্তিত মুখখন পোহৰ হৈ উঠিল। যেন হেৰুৱা কিবা এটা ঘূৰাই হে পালে তেওঁ। তাই কিয় অহা নাছিল, কিবা বেয়া পালে নেকি সুধাৰ লগতে বাৰে বাৰে তাইৰ কপালত হাত দি দি চাইছে, গা সঁচাকৈ বেয়া নেকি বুলি।
: কালি অকলেই পিঠা-পনা ভাজিলোঁ। মিনতি আহি লাগি দিলেহি বাৰু অলপ। চাহ একাপ খাম দেই এতিয়া একেলগে। তিলপিঠা খাবি নে নাৰিকল পিঠা? তই ভালপোৱা মালপোৱা কাইলৈ হে বনাম।
: ইমান ভৰিৰ বিষ, এইবোৰ নকৰিলে নহয়?
: বিহু বুলিহে কৰিছোঁ। ইহঁতি খাই ভাল পায় যে।
: খাই ভাল পায় যদি নিজে বনাই খালেই হ'ল।

খং উঠে আবেলিৰ। বিহু বুলি দুদিন আগতে কেতিয়াও নাহে। ঘৰত একো এটা বনাই নানে। সৱ বৰমাকে কৰিব লাগে।
: তই বাবাক চাহ কাপ দি থৈ আহ। ঢেৰ কথা আছে পাতিবলৈ। মোৰ কোঠাত বহি চাহ খাম কথাও পাতিম। বৰতাৰক টেবুলতে দিওঁ।
: চাহ বনাই আকৌ মুখৰ আগত দিবও লাগিব। নিজে লৈ যাবহি নোৱাৰে। বৰ একেবাৰে..
: সি নামি আহিলে আকৌ বৰতাৰৰ লগত তৰ্ক হে লাগিব। যা তাতে দি আহগৈ।

হাতত চাহ কাপ লৈ আগানৰ ৰূমটোৰ দুৱাৰত লাহেকৈ টোকৰ মাৰিলে আবেলিয়ে। একান্তমনে কিবা কিতাপ এখন পঢ়ি আছে আগানে। ঘৰৰ পুৰণা মিউজিক চিষ্টেমত মিহিকৈ গান বাজি আছে।
আবেলিক দেখি কিতাপখন আঁতৰাই বিচনাৰ পৰা উঠি আহিল সি। 
: ইমানদিন কিয় অহা নাছিলি?
: গা বেয়া আছিল।
: গা বেয়া নে মন বেয়া? প্ৰেম চেম হোৱা নাইতো তোৰ? চকুৰ গুৰি ক'লা পৰি গৈছে যে, পঢ়ি পঢ়ি নে ফোনত কথা পাতি পাতি?
: মোৰ ফোন নাই।
: What??Really??
: অসমীয়াত সুধিলেও নাই ইংৰাজীত সুধিলেও নাই।
: তেন্তে ইণ্টাৰনেট কেনেকৈ ইউজ কৰ? 
: বৰমাৰ ফোনত।

চাহৰ কাপটো টেবুলখনতে থৈ আবেলি আঁতৰি আহিল। তাইৰ মনৰ অশান্ত বা-মাৰলি জাকৰ উমান সঁচাকৈ পোৱা নাই নে আগানে! এবাৰলৈ কিয় নুসুধিলে তই কিয় মন মাৰি আছ বুলি?
এবাৰো কিয় নুসুধিলে তোৰ কিবা সমস্যা হৈছে নেকি বুলি?

চাহ খাই থাকোঁতেও তাই একেখিনি কথাকে ভাৱি থাকিল। বৰমাকে পুৰণা কাপোৰ অলপ উলিয়াই তাইক কিবা কিবি কৈ আছে যদিও তাইৰ কাণত একো সোমোৱা নাই।
: এইখন পালোঁ। বেলি, পিন্ধি চা চোন ।
: এতিয়া??
: পিন্ধচোন একো নহয়, মই হে দেখিম। কালি ইমান মাতিলো এবাৰো নাহিলি। মোৰ ৰঙা ব্লাউজ এটাকে পিন্ধ।
বৰমাকৰ কথামতেই আবেলিয়ে পুৰণি ৰিহাখন কঁকালত মেৰিয়াই ল'লে। কঁকালত খুচি দিওঁতে ঘাঁ টুকুৰাত নখ লাগি বিষটো উকাই আহিল।
: ভালকৈ চাওঁ।এইখন মোৰ বৰ মৰমৰ ৰিহা। সৰুজনী বোৱাৰীয়ে যোৱাবাৰ নিব খুজিছিল। মই নিদিলোঁ। তোলৈকে থৈ দিছিলোঁ। বিয়াত দিম বুলি। পিছে আজিকালি গা বোৰ ইমান বেয়া হৈ থাকে। কেইদিন থাকোঁ একো ঠিক নাই। কালি প্ৰচাৰ বাঢ়ি মূৰ ঘূৰাই পৰিবলৈ লৈছিলোঁ। বাবা আছিলে বুলিহে। বেছিদিন নাথাকিম আৰু এনেকৈ..
: তেনেকৈ ক'লে মই বেয়া পাওঁ বুলি জানিও সদায় সদায়...
অতদেৰিয়ে ৰখাই থোৱা চকুপানী খিনিযে আৰু বাধা দি ৰাখিব নোৱাৰে আবেলিয়ে।  
: ধেই এইজনী, কি হ'ল আকৌ এনেকৈ কান্দিবলৈ।
:
: বেলি, ঐ, চাওঁ..
হাতত লৈ জাপি থকা কাপোৰ খন আঁতৰাই থ'লে অৰুন্ধতীয়ে। আনফালে মুখ কৰি উচুপি থকা বেলিৰ মুখ খন নিজৰ ফালে ঘূৰাই দিলে।
: আপুনি মৰিলে ময়ো মৰি থাকিম বৰমা, মোৰ আৰু কোনো নাই.. কোনো নাই..
: বেলি, মাজনী, নাকান্দিবি চোন।
: মোক সেইদিনা ৰাতি... বাবুলে কি কৰিছিল জানে?
বৰমাকৰ কোলাত মূৰ থৈ হুকহুকাই কান্দিছে বেলিয়ে।
ৰৈ ৰৈ কঁপিছে তাইৰ সমস্ত শৰীৰ।
: এইখিনিতে.. এনেকে.. এনেকে
তাই যে একোৱেই ক'ব পৰা নাই , ডিঙিত আহি সোপা মাৰি ধৰিছেহি কথাবোৰে..
উজুটি খাইছে শব্দবোৰে।
বুকুখন গধুৰ যেন লাগিছে, শিল এটাই যেন খুন্দি খুন্দি শেষ কৰিছে তাইৰ ভিতৰখন।
চকুপানীৰ লগতে ঝৰঝৰকৈ খহিছে তাইৰ আত্মসম্মান, আত্মবিশ্বাস... প্ৰত্যয়.. সকলোবোৰ!
পিন্ধি থকা ৰিহাখন সামান্য আঁতৰাই দিলে তাই..
ঘাঁ টুকুৰা এতিয়াও সতেজ।
: উফ্ ঈশ্বৰ!!
চকু কেইটা জোৰকৈ মুদি দিলে অৰুন্ধতীয়ে।‍
আবেলিয়ে কান্দি কান্দি কৈ গ'ল কেনেকৈ তাইক ভাঙি থৈ গ'ল সেই ৰাতিটোৱে।
কপাহ কোমল ছোৱালীজনীক বৰ সযত্নে ৰাখিছিল অৰুন্ধতীয়ে। নিজৰ দৰেই আজলী ছোৱালীজনীক বুজি পায় তেওঁ।
জানে এই দাগটোৱে বৰ বেয়াকৈ হানিছে আবেলিক। শাৰীৰিক ভাৱে যিমান, মানসিক ভাৱে তাতোকৈও বেছি। এই যে পাগলৰ দৰে কান্দিছে তাই, সেয়া দুখ নহয়, সেয়া খং।
আবেলিৰ দুখ লগা নাই, ভীষণ খং উঠিছে, অসহায়বোধ যেতিয়া সীমাহীন হয়, মানুহৰ তেতিয়া নিজৰ ওপৰত, পৰস্থিতিৰ ওপৰত খং উঠে। সময়ক উভতাই বোৱাবলৈ মন যায়। অতীত মচি দিবলৈ মন যায়। আৰু এই সকলোবোৰ কৰিব নোৱাৰাৰ ক্ষোভত মানুহে কান্দে।
বাবুলে কি কৰিলে তাতোকৈ বেছি খং উঠিছে সি কিয় ভাবিব পাৰিলে যে সি তেনেকুৱা কিবা এটা কৰি দিব পাৰিব আবেলিৰ লগত?
আবেলিয়ে কথাবোৰ সজাই ক'ব নোৱাৰে, আৰু তাই বুজাই ক'ব নোৱাৰা সকলোবোৰ কথা বুজি পায় অৰুন্ধতীয়ে।
এনেকুৱা কিছু কথাৰ ভৰে কোঙা কৰি ৰাখিছে অৰুন্ধতীকো। যিবোৰ কথা থাপনাৰ চাকি গছ, চোতালৰ তুলসী জোপা আৰু শিতানৰ গাৰুটোৰ বহিৰে আন কোনেও নাজানে আজিলৈকে। কতবাৰ এনেকৈয়ে ভাঙিছে অৰুন্ধতীকো, পৰিস্থিয়ে, সময়ে।
 একেই অসহায় বোধ, একেই ক্ষোভ, একেই খং।
নটা ল'ৰা-‍ ছোৱালীৰ পেট পুহিবলৈ পিতাকৰ কষ্ট হৈছিল, গতিকে যেনেকৈ পাৰে তেনেকৈয়ে ছোৱালীক গতাই দি আজৰি হৈছিল।
অসহায় আছিল অৰুন্ধতী, দুখীয়া আছিল, কিন্তু স্বাভিমানী আছিল। ঠিক বেলিৰ দৰেই।
আজি যেন নিজৰ সেই‌ অসহায় অৱস্থাটো আকৌ দেখিছে অৰুন্ধতীয়ে।

: বেলি, ঐ কি হৈছে তোৰ? বৰমা, বেলিৰ কি হ'ল।
দুখ পালি ক'ৰবাত?

বৰমাকক কিবা এটা সুধিবলৈ আহি আবেলিক তেনেকৈ দেখি কাষ চাপি আহিল আগান।
: মই মৰিম বুলি এনেই কৈছিলোঁ, এই আকৌ কান্দিছে চা চোন। তাইৰ বোলে মোৰ বাহিৰে কোনো নাই।

সঁচা কথাটো আগানক ক'ব নোৱাৰিলে তেওঁ।  কৈ দিলেই পিছৰ পৰস্থিতি কি হ'ব জানে অৰুন্ধতীয়ে। কিন্তু বৰমাকৰ কথাত পতিয়ন নগ'ল আগান।
: কি হৈছে ক বেলি। কোনে কি কৰিলে?
: একো নাই হোৱা অ' বাবা। মই নহ'লে তাইৰ কি হ'ব বুলি কৈয়ে কান্দি আছে অ', আমাৰ বেলি বৰ কোমল।

: মই সদায় আছোঁ ‍তোৰ লগত, থাকিম। ভয় নকৰিবি। 
:
: বেলি, শুনিছ? সদায় থাকিম।
: সঁ..চা?
: সঁচা। তোৰ ভাষাত বিদ্যা শপত মা কচম। এইফালে আহ। পাগলী জনী।
বিছনাত বহি উচুপি থকা আবেলিৰ মূৰত হাত ফুৰাই দিলে আগানে । নিজৰ অজানিতেই তাৰ বহল বুকুখনত আবেলিয়ে মূৰটো গুজি দিলে। 
বতাহত উভালি পৰিব খোজা গছ এজোপাই যেন হঠাৎ কাষতে পাহাৰ এটা বিচাৰি পালে।
ফুলা ফুলা চকুকেইটাত হাজাৰ প্ৰশ্ন সামৰি মূৰ তুলি চালে আবেলিয়ে

কি আছে এই আশ্বাসত?
দায়িত্ব?
কৰ্তব্য?
মৰম নে ভালপোৱা??

কেনেকৈ বুজিব আবেলিয়ে !
আগানৰ চকুৱে যে কথা নকয়।

আগানৰ ৰূমৰ পৰা ভাঁহি আহিছে..

"আজ তবে থাক থাক
অনুভূতি পিষে যাক
চোখ বুজে মাথা রাখ
তোকে দিই হারিয়ে যাওয়ার গান"

(আগলৈ)

#copyright
#indrani sarmah ba

©Kabita #loV€fOR€v€R 
#story

About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile