Nojoto: Largest Storytelling Platform

Best Indrani Shayari, Status, Quotes, Stories

Find the Best Indrani Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about indrani mukerjea story, indrani mukherjee story, indrani sharma, why indrani killed sheena, indrani perera songs,

  • 4 Followers
  • 18 Stories

Indrani Palit Karmakar

Indrani Palit Karmakar

Indrani Palit Karmakar

Indrani Palit Karmakar

#MereKhayal #Indrani Palit Karmakar #চিন্তা

read more

Indrani Palit Karmakar

#Indrani Palit Karmakar #শায়রি

read more

Indrani Palit Karmakar

#holisong #Indrani Palit Karmakar #শায়রি

read more

Kabita

#আবেলি
#aabali



 : কি ভাৱিছ?
: এনেই কৃষ্ণ কৰিছোঁ।
: কুন্দুলি কাটিলে মাজে মাজে কৃষ্ণ কৰিব লাগে?
:
: বেলি, সৱ কাম ভগৱানেই কৰিব?
: অঁ, আৰু কোনে কৰিব? আপুনি যে নতুন কাম পাইছে সেইটোও ভগৱানেই কৰিছে।
: ইমান বিশ্বাস?

#Indrani ba
#copyright

©Kabita #story
#lovestory

Kabita

"আপুনি আকৌ কাম কৰা আৰম্ভ কৰক"।
বেলিৰ কথাকেইটা মনত পেলাই আগানে  বহুদিনৰ মূৰত লিংকডইনৰ(LinkedIn) প্রফাইলটো খুলি চালে। অসংখ্য notification, inbox ভৰ্ত্তি মেচেজ। তাৰে ভিতৰত এটা নাম দেখি মনটো ভাল লাগিল আগানৰ।
মেটিয়াছ বাৰ্গোৰ মেচেজ, কিমান যে কাম কৰিছিল একেলগে। কিমান কাম শিকিলে সি মানুহজনৰ পৰা। আগানে তেতিয়া নতুনকৈ কাম আৰম্ভ কৰিছিল,
মাত্ৰ ছয়মাহ এটা MNC ত কাম কৰিয়েই আমনি লাগিছিল তাৰ। Upwork নামৰ চাইটোৰ যোগেদি প্ৰথমে কিছুমান freelance কাম কৰিছিল, লাহে লাহে কাম বাঢ়ি যোৱাত নিজৰ লগতে আৰু দুজন ইঞ্জিনিয়াৰ লগত লৈ আৰম্ভ কৰিছিল নিজৰ consultancy service. সেইদৰে কাম কৰি থাকোঁতেই   আগানৰ মনলৈ আহিছিল এটা Business Intelligece tool বনোৱাৰ কথা। প্ৰায়বিলাক কোম্পানীয়ে এই কামটো outsource কৰিব খোজে। আগানে সেই সুযোগ লৈয়ে প্ৰথম অৱস্থাত সৰুকৈ, আৰু পিছলৈ large স্কেলত কাম কৰা আৰম্ভ কৰিছিল।
ইটোৰ পিছত সিটো প্ৰজেক্ট অজুৰি আনিছিল আগানৰ সৰু টিমটোৱে।  আৰু তেতিয়াই লগ পাইছিল মেটিয়াছক। চুইদেনৰ মালমো চহৰত অনুষ্ঠিত হোৱা Start Up Festival ত ভাগ লৈছিল দুয়ো । দুয়ো নিজৰ নিজৰ প্ৰডাক্ত আৰু technology লৈ সাংঘাটিক passionate, গতিকে খুব সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল। তাৰ পাছত বেলজিয়ামত হোৱা DevOxx ত মেটিয়াছৰ সৈতে একেলগে অংশগ্ৰহণ কৰিছিল আগানে , আজিও নিশ্চয় কিবা এটা নতুন কাম বা বিষয় লৈয়ে মেচেজ কৰিছে তেওঁ।

প্ৰথম মেচেজটোৰ উত্তৰ দিয়াৰ লগে লগেই মেচেজ ওপৰত মেচেজ আহিল আগানলৈ। কিয় সি ঘূৰি গ'ল, কিয় নিজে ইমান ধুনীয়াকৈ আৰম্ভ কৰা কোম্পানীটো সি এৰি দিলে, এতিয়া কি কৰিছে সকলো কথা সুধিলে। আগানেও অতদিনে কাকো নুকুৱা কথাবোৰ মেটিয়াছক খুলি ক'লে। শুনি খুব দুখ পালে তেওঁ।

"You are a gem my friend, let's work together. Take your time and make a wise decision,I will be waiting for your response."

নিজৰ চকুকে বিশ্বাস নাইহোৱা আগানৰ। এনে নহয় যে সি বিচাৰিলে চাকৰি পাবলৈ দিগদাৰ হ'লহেঁতেন, কিন্তু সি কি ভাল পায়, কেনেকৈ কাম কৰি ভাল পায় সেয়া সহজে আনক বুজোৱা টান। কিন্তু মেটিয়াছক নিজৰ ফেইলাৰৰ কাহিনী সমস্ত কোৱাৰ পাছত আগানে ভাবিছিল নিশ্চয় তেওঁ তাক irresponsible বুলি ভাৱিব, কিন্তু ওলোটাই এনেকুৱা এটা প্ৰস্তাৱ দি তেওঁ আগানৰ মুখৰ মাতেই নাইকিয়া কৰি দিলে।

"Yes,Yes"

নিজৰ ৰূমৰ পৰা আনন্দতে উৰি অহা দি নামি আহি পাকঘৰত থকা বৰমাকক জোৰেৰে সাৱটি ধৰিলে আগানে। কেৱল বৰমাককেই নে? মনৰ ফুৰ্তিতে বৰমাকৰ ওচৰত থকা আবেলিকো সাৱটি ধৰিলে আগানে। একো টলকিবই নোৱাৰিলে তাই।
আগানৰ কাৰণে যেন তেনেই সাধাৰণ কথা, কিন্তু আবেলিৰ কাৰণে?
বৰমাকৰ পিছতে তাইক এনেকৈ সাৱটি ধৰা মানুহ কেৱল আগান। আৰু ধৰিছে মানে, ইমান জোৰেৰে ধৰিছে যে তাইৰ উশাহটো ৰৈ যাব যেনেই লাগিছিল।

: ঐ, আজি কিহে পালে তোক বাবা।
: বহুত ডাঙৰ কাম এটা পাইছো বৰমা। মই সদায় কৰিব বিচৰা ধৰণৰ কাম এটা। বহুত বহুত ভাল লাগিছে মনটো আজি।

ল'ৰাটোৱে অহাৰ দিন ধৰি প্ৰথমবাৰৰ কাৰণে মনখুলি হাঁহিছে। অৰুন্ধতীয়ে বিচাৰি আছিল এই হাঁহিটো ঘূৰি আহক, আগান আকৌ সুৰীয়া গান এটা হৈ পৰক। পুৱা গধূলিৰ প্ৰাৰ্থনাত ভগৱানক সদায় কৈ আহিছিল, আজি শুনিলে। 
 কিন্তু পিছমূহুৰ্ততে আগান যাবগৈ বুলি ভাৱি মনটো বেয়াও লাগিল।
: তাৰ মানে তই যাবিগৈ?

বৰমাকৰ চকু চলচলীয়া হ'লেই। এইবাৰ আঁৰ চকুৰে অলপ আঁতৰি ৰৈ থকা বেলিলৈ চালে আগানে। পাচলি কাটিবলৈ এৰি হাত দুখন যোৰ কৰি চকুমুদি কিবা এটা বিৰবিৰাইছে।
বুকুখন ভৰি আহিল তাৰ। ইমান সৰলতা আজিৰ পৃথিৱীত আছে বুলি সি ভাৱিবলৈ ভয় কৰিছিল কিছুদিন আগতে, আৰু এতিয়া সন্মুখত দেখিছে।
সি কিবা ক'বলৈ পোৱাৰ আগতেই বাৰাণ্ডৰ পৰা বৰদেউতাকৰ মাত
: হেৰা, শুনিছা? কোন আহিছে চোৱা।
: এই সন্ধিয়াখন আকৌ কোন ওলালহি ! ৰচোন চাই আহোঁ। 

বৰমাক আঁতৰি যোৱাৰ লগে লগে আগান বেলিৰ সন্মুখত ৰ'লহি। 

 : কি ভাৱিছ?
: এনেই কৃষ্ণ কৰিছোঁ।
: কুন্দুলি কাটিলে মাজে মাজে কৃষ্ণ কৰিব লাগে?
:
: বেলি, সৱ কাম ভগৱানেই কৰিব?
: অঁ, আৰু কোনে কৰিব? আপুনি যে নতুন কাম পাইছে সেইটোও ভগৱানেই কৰিছে।
: ইমান বিশ্বাস?
: ওঁ।
: তেন্তে তোৰ ভগৱানে তোক ইমান কষ্ট  দিছে কিয়? 

 উত্তৰ বিচাৰি তালৈকে আশা কৰি ৰৈ থকা আবেলিৰ মূৰত হাতখন ফুৰাই দিলে আগানে।
তাৰ বুকুত আকৌ বাজিল সেই একেটি আকুল প্ৰাৰ্থনা
"কুশলে থাকক এই সৰলতা, কুশলে থাকক ভগৱানৰ ওপৰত এই অগাধ বিশ্বাস।"
কিন্তু সি জানে, অতি সোনকালেই সলনি হ'ব সকলোবোৰ, অজান ভয়ত কঁপি উঠে তাৰ বুকু, কি হ'ব তেতিয়া এই ছোৱালীজনীৰ!!!

আৰু বেলি,কেনেকৈ কয় তাই, কিমান নিশা এই প্ৰশ্নটো সুধি তাই ভগৱানৰ কোলাতে টোপনি গৈছে।
যিমান দুখ, যিমান সুখ এই সৰু জীৱনটোত পাইছে, সকলোবোৰ তাই ভগৱানকে ভগাই দিছে। 
ভগৱানে তাইক মৰম কৰে, নিজে দেখা দিব নোৱাৰে কাৰণে বৰমাকক পঠিয়াইছে।
এনেকৈ ভাবিয়েই জীৱন বাটত আগুৱাইছে তাই, এনেকৈ ভাবিলেই সকলো সহজ হৈ পৰে তাইৰ বাবে।
: একো কষ্ট দিয়া নাই। আৰু ভাল মানুহৰ লগত ভালেই হয়। মোৰো ভাল হ'ব । দেৰিকৈ হ'লেও হ'ব।
: সদায় এনেকৈয়ে থাকিবি প্লীজ।
বুজা নুবুজাৰ ভাৱ এটাৰে বেলিয়ে আগানলৈ চালে।
নামঘৰত ডবা কাঁহৰ শব্দ, মায়া মায়া যেন লগা এটা জোনাকী সন্ধিয়া।
কাগজৰ নাওঁত উটি যাব পৰাকৈ পাতল পাতল উশাহ।এছাটি কোমল বতাহে চুই গৈছে দুয়োটাকে।
আৰু দুখোজ আগুৱাই আহিল আগান,  ডবা কাঁহৰ শব্দ শুনি আকৌ 'কৃষ্ণ কৃষ্ণ' কৰাত ব্যস্ত আবেলি।
পৰম মুগ্ধতাৰে তাইলৈ চাই হাঁহি এটাৰে আকৌ  এবাৰ আলফুলে সাৱটি ধৰিলে সি।
চুলিত ওঁঠ গুজি কৈ উঠিল
: কি যে হ'ব তোৰ বেলি!!!!

হেঙুলীয়া সপোন কিছুমান সাৰ পাই উঠিছে,
মেঘ আঁতৰি জোনাক উপচি পৰিছে আগানৰ বুকুত...
যেন এই মূহুৰ্তত আৰু একো হেঁপাহ বাকী নাই
যেন এই সময়ত জীয়াই থকাৰো অৱকাশ নাই।

: বাবা, বাবা, এইফালে আহ, ক'ত আছ?
কেইবাটাও চিনাকি মাত একেলগে শুনি আগান ওলাই আহিল। পিছে পিছে আবেলি।
হাতত ফল-মূল , শাক পাচলিৰ টোপোলা এগালমান লৈ সোমাই আহিছে আগানৰ মাক- দেউতাক।
লগত দেখাত খুব ধুনীয়া ছোৱালী এজনী। আঁঠু দুটাৰ ওচৰত ফটা জিনছটোৰ ওপৰত ক'লা ৰঙৰ খুব ধুনীয়া কুৰ্টি এটা পিন্ধি আহিছে। সামান্য মেকআপ, চকুত ডাঠ কাজল। চুলি খিনি চুটিকৈ কটা, মাজৰ কেইডালমান নীলা ৰঙৰ।
আবেলিয়ে এবাৰ আগানৰ ফালে চালে। অলপ সময়ৰ আগৰ হাঁহিটো নাই। মুখত খঙতকৈ বেছি ঘৃণা। 

: চা চোন মাৰ দেউতাৰৰ কাম। খবৰ খাতি নিদিয়াকৈ ওলাইছে দুইটা। ফোন এটা কৰিব নোৱাৰিলি? লগত আলহী ইফালে।পিছে এওঁ কোন তই হে ক'বি বোলে?

সৱৰে চকু আগানৰ ওপৰত, আৰু আগানৰ চকুত একুৰা ৰঙা জুই। যেন জ্বলাই শেষ কৰি দিব সকলো।
একো কোৱা নাই, মাত্ৰ মুখত চৰম বিৰক্তি লৈ চাই আছে সেই ছোৱালীজনীলৈ।
পৰিস্থিতি অসহজ যেন দেখি আগানৰ মাকে আবেলিৰ হাতত মিঠাইৰ পেকেট কেইটা দি ক'লে

: ভালে আছা আবেলি? এইয়া লোৱা। মাঁহতৰ ভাল নে? 
অর্ঘা, এই আবেলি, আমাৰ একদম ঘৰৰে ছোৱালী। আৰু আবেলি, এওঁ অৰ্ঘা, বাবা দাৰ খুব ভাল বান্ধৱী।

:Aww,she is so cute!

দুখন হাতত দুটা মিঠাইৰ টোপোলা লৈ ৰৈ থকা আবেলিক বিশেষ কায়দাৰে গাত গা নলগোৱাকৈয়ে সাৱটি ধৰাৰ দৰে কৰি দেখুৱালে অর্ঘাই।

ৰৈ থকা ঠাইৰ পৰা হঠাৎ সাৰ পোৱা মানুহৰ দৰে আহি বেলিৰ ওচৰৰ পৰা অৰ্ঘাক টানি আঁতৰাই পঠিয়ালে আগানে।

"Don't you dare Arghaa,stay away from her!"

(আগলৈ)
#Indrani Sarmah ba. 
#Copyright

©Kabita #story
#LoveStory

Kabita

#আবেলি
#aabeli
খণ্ড(৯)

তগৰ ফুলৰ সুবাসে আমোলমোল পদূলি
বেৰঙী পৃথিৱীত মুঠি মুঠি  বসন্তৰ বোল
জেতুকাবুলিয়া,কপৌফুলীয়া ..
হাঁচতি ভৰাই চেনাইলৈ মৰম
পিছে অভিমানৰ গাঁঠিটো
খোলোতাহে নাই ....

ঘৰৰ পিৰালিটো ৰঙা মাটি দি ধুনীয়াকৈ মচি এইবাৰ চোতালৰ তুলসী ভেটিটোত থাকি যোৱা মাটি খিনি দি লিপি দিলে আবেলিয়ে। কেঁচা ঘৰটো তাই যিমান পাৰে ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰে। যি আহে সিয়ে শলাগে সিহঁতৰ অকণমানি ঘৰটো। অৱশ্যে মাকেও সহায় কৰে তাইক। ফুলৰ ডাল আনি দিয়ে, সেইবোৰ ধুনীয়াকৈ ৰুই পানী দি আপডাল কৰে বেলিয়ে। এতিয়াও তগৰ ফুলৰ সুবাস বিয়পি আছে চোতালত। তাৰে এপাহ আনি তাই ভগৱানক দিয়ে কেতিয়াবা। মাত্ৰ এপাহ। ফুল চিঙিবলৈ বৰ দুখ লাগে যে। যেতিয়া মহাদেৱলৈ বা কৃষ্ণ গোঁসাইলৈ বহুত বেছি মৰম জাগে, তেতিয়াহে এপাহ ফুলকে দুয়োৰে মাজত থৈ সেৱা এটা কৰে তাই।
তাইৰ ঈশ্বৰেও জানে, তাতে সন্তুষ্ট হয়।

হাতত বোকা মাটি লৈয়ে বেলিয়ে ঘৰটোলৈ এবাৰ চালে,
এদিন এই ঘৰটো পকী হ'ব, মাকৰ বাবে, ভায়েকৰ বাবে, তাইৰ বাবে আছুতীয়া কোঠালি হ'ব। কল্পনাতে কেতিয়াবাই ঘৰ এটা সাজি থৈছে তাই। ঘৰটোৰ সন্মুখত ধুনীয়া ফুলনি এখন, এখন সৰু গেইট, গেইটৰ দুফালে দুজোপা বকুল, নাইবা এজাৰ।
তাইৰ কোঠাত এখন ডাঙৰ খিৰিকী, তাৰ সিপাৰে ৰুব এজোপা শেৱালী আৰু এজোপা খৰিকাজাঁই। ডাঙৰ কিতাপৰ আলমীৰাটোৰ পৰা কিতাপ এখন উলিয়াই তাই শেৱালী ফুলৰ সুবাস লৈ লৈ কিতাপ পঢ়িব।
তেতিয়ালৈ বাৰু বৰমাক থাকিবনে?
থাকিব থাকিব কিয় নাথাকিব। তাইৰ ঘৰটোৰ প্ৰথম আলহী বৰমাকেই হ'ব।
আৰু আগান?

: বেলি, তোৰ হাতত পইচা আছে যদি দে চোন, মোৰ গাৰুৰ তলত থকা আটাইকেইটা নিলে ভায়েৰে।

 কল্পনাৰ পৃথিৱীৰ পৰা সদায় এনেকৈয়ে বেলিক চোঁচৰাই উলিয়াই আনে মাকে।
বহুদিনৰ পৰা বেগ এটা কিনিম বুলি এটকা দুটকাকৈ গোটাই থোৱা পইচা কেইটা মাকক দি দি শেষেই হ'ল।
: ভাইটিক ইমান পইচা কেলেই লাগে সদায় সদায়?
: আও, নিজে বুঢ়ী মাৰৰ ঘৰত ভাল ভাল বস্তু খাৱলৈ পাৱ, সি ক'ত পায়? তাৰ মন নাযায় নেকি? বৰ আপোনপেটিয়া ছোৱালী।

টিউবলত হাত ভৰিকেইটা ধুই বেগৰ পৰা উলিয়াই দিবলৈ পালেহে ,থাপ মাৰি এশটকীয়া note খন লৈ গুচি গ'ল মাক।
ভায়েকৰ সলনি হোৱা ৰেহ ৰূপ মাকে নেদেখিলেও আবেলিয়ে দেখিছে। সি ৰাতি ৰাতি দেৰিকৈ ঘৰ সোমায়, পঢ়া শুনাৰ প্রতি মন কাণ নাই, স্কুললৈ প্ৰায়ে নাযায়। মাজতে মাকৰ হাতত টকা দুহেজাৰ দিছিল, ক'ত কেনেকৈ পাইছে বুলি সুধিলে একো নকয়। বেলিয়ে বেছিকৈ পকাই সোধোতে লগৰ এটাই ধাৰলৈ দিয়া বুলি কৈ ফালৰি কাটিলে।
মাকে নুসুধে। পইচা পালেই ঘৰলৈ নতুন বস্তু অনাৰ চিন্তা মাত্ৰ। সকলোৰে লগত প্ৰতিযোগিতা মাকৰ। আনকি বৰমাকৰ ঘৰখনৰ সৈতেও। বুজাই বুজাই হাৰি গ'ল বেলি।
মাক আৰু ভায়েকৰ সপোন বোৰ দেখিলে ভয় খায় আবেলিয়ে। এদিন এই  মহত্বাকাংক্ষাই  খুলি খুলি খাব সিহঁতক। সহজতে পইচা ঘটাৰ উপায় বিচাৰি ফুৰে দুয়োটা মিলি। এবাৰ চুবুৰীৰে মানুহ এঘৰৰ ফোনটো ভায়েকে চুৰ কৰি লৈ আনিছিল। মাকে কথাটো জানিও একো কোৱা নাছিল। বেলিয়ে ঘূৰাই দিবলৈ কোৱাত দুয়োটাই তাইকহে ওলোটাই গালি দিছিল।
: বৰ একেবাৰে যুধিষ্ঠিৰ জনী। সত্যত থাকি কি ডাল ফালিলে বাপেৰে। মোৰ মূৰত দুটাকে বোজা দি গুচি গ'ল। আৰু প্ৰসাদৰ পইচাৰ কি অভাৱ। এটা আকৌ কিনি আনিব। দুই নম্বৰী পইচাই লোৱাহে। দুনীয়াৰ অন্যায় কৰি পইচা গোটাইছে, কি বেয়াটো হৈছে। দিনে দিনে উন্নতি হে কৰিছে। ইহ, তাই এক্কে হৰিচন্দ্ৰ।

এইবাৰ বেলিৰ ওচৰত উত্তৰ নাছিল।
এৰা, কি বেয়া হৈছে অন্যায় কৰি।ঠিকাদাৰ প্ৰসাদৰ দুই নম্বৰী পইচা আছে বুলি সৱেই জানে। তথাপি সমাজত বৰ ডাঙৰ মানুহ। ৰাইজৰ সৱ কামত আগৰ আসনখন প্ৰসাদেই পায়। কান্ধত ফুলাম গামোচা পিন্ধে। মেট্ৰিক দুবাৰ ফেইল মানুহটোৱে আবেলিক ভালকৈ মেট্ৰিক পাছ কৰাৰ কাৰণে সম্বৰ্ধনা জনাইছিল। আন ল'ৰা- ছোৱালীবোৰে প্ৰসাদৰ ভৰি চুই আশীৰ্বাদ লৈছিল। আবেলিয়ে নল'লে।  প্ৰসাদ বেয়া মানুহ বুলি সৱেই জানে। তেনে মানুহৰ ভৰি চুই ভগৱানৰ আগত পাপ কৰিব নোখোজে।
"এইজনী বৰ অহংকাৰী।  কাৰো ঘৰলৈ নাযায়, দেখিলেও ভালনে বুলি সুধি আৰু কথা নাপাতে। ডাঙৰক সেৱা কৰিবলৈ তাইৰ ফিটটোৱে নিদিয়ে আকৌ।"
গাঁৱৰ মানুহ কিছুমানৰ উফৰি অহা কথা তাইৰ কাণত পৰিছিল।আবেলিৰ নামৰ পিছত অহংকাৰী শব্দটো সেইদিনাৰপৰা নিগাজী হৈছিল।

"ঐ কি নাম আছিল তোৰ? নাম বাদ দে, মোৰ ল'ৰাটোক অলপ পঢ়াত চাই দিবি। মাহে যি লাগে ল'বি।"
একেটা অনুষ্ঠানতে প্ৰসাদে আবেলিক প্ৰস্তাৱ দিছিল। মাকে পিছদিনাই তাইক পঠিয়াই দিছিল।
"মাহে এহেজাৰ ল'ম বুলি ক'বি। যা যা।"
গাঁৱৰ ভিতৰত তিনিমহলীয়া অট্টালিকা, তিনি চাৰিখন গড়ী,নেতা পালিনেতাৰ সঘন আহ যাহেৰে মানুহৰ চকুত লগা এখন ঘৰ। প্ৰসাদৰ ক্লাছ ফ'ৰত পঢ়া ল'ৰাটোক পঢ়াবলৈ লৈ প্ৰথম দিনাই বুজিছিল আবেলিয়ে,তাই বেছিদিন সেইখন ঘৰলৈ যাব নোৱাৰে।
পঢ়ুৱাই থকাৰ মাজতে প্ৰসাদ আহি সিঁহতৰ ওচৰতে বহে। ডিঙিত শিকলিৰ নিচিনা সোণৰ চেইন, মস্ত পেটটো উলিয়াই বাৰে ভচহু কথা কিছুমান কৈ থাকে।

আবেলিয়ে মনতে ভাৱে, পইচাৰে মগজ কিনিব পৰা হ'লে, তাই প্ৰসাদক এটা কিনিবলৈ অনুৰোধ কৰিলেহেঁতেন ।
ঘৰখনৰ ডাঙৰ গোটেই সোপা মূৰ্খ। খোৱা আৰু পিন্ধাৰ বাহিৰে একো চিনি নাপায়। পঢ়াৰ পৰিৱেশ নাই। কথাই কথাই তৰ্ক, লেতেৰা গালি গালাজ। ল'ৰাটোলৈ বেয়া লাগিল বেলিৰ।  উঠি অহা ল'ৰাটোৱে ঘৰৰ বনকৰা মানুহকো সেইবোৰ লেতেৰা ভাষা কৈ গালি পাৰে। আনকি আবেলিৰ কথাও নুশুনে। পঢ়াৰ নামত লোভ দি দি বস্তু গোটাই মাক দেউতাকে অভ্যাস বেয়া কৰিলে। অ'ত ত'ত পইচা দি দি বাপেকৰ অভ্যাস হৈয়ে গৈছে। ঘোঁচ নিদিলে আজিকালি কাম নহয়, সেইকাৰণে ঘৰতো  একেই কাৰবাৰ চলাইছে। ন বছৰীয়া লৰাৰ হাতত মোবাইল, অত্যাধুনিক খেলা সামগ্ৰী, নথকা বস্তু নাই।
কিন্তু পৰীক্ষাত নম্বৰকেইটা হে কিনিব পৰা নাই।
এমাহ পঢ়াই বাদ দিছিল আবেলিয়ে। প্ৰসাদ আহি ঘৰত কৈ কৈও নিব নোৱাৰি আবেলিৰ পাবলগীয়া এহেজাৰ টকা দিয়াৰ পাছতো ঘূৰাই নিছিল।
কান্দিছিল সেইদিনা তাই, জীৱনৰ প্ৰথম উপাৰ্জন আছিল। ঢেৰ কিবাকিবি ভাৱি থৈছিল। কিন্তু নিজ প্ৰাপ্যৰ হকে যুঁজিবলৈ তাইৰ তেতিয়াও শক্তি নাছিল, এতিয়াও নাই। প্ৰশাদৰ একেটা ধমকিত তাই থাপনাৰ পৰা পইচাকেইটা আনি ঘূৰাই দিছিলহি।
বৰমাকে বুজাইছিল, গোঁসাই আছে, এদিন সৱ বিচাৰ কৰিব।
তাই বিশ্বাস কৰিছিল। যদিও বৰমাকৰ বহুত গোচৰ ভগৱানৰ ওচৰতে পৰি থাকিল ওৰে জীৱন, আজিও তাৰ বিচাৰ নহ'ল, তথাপি থাপনাৰ চাকি গছৰ শলিতা ডালত, মাহ প্ৰসাদৰ শৰাইখনৰ থুৰীয়া তামোল খনত, বৰমাকে নিজৰ সমস্ত ভাৰ সামৰি ঈশ্বৰৰ ওচৰতে সঁপি দিয়ে নিজকে।
আবেলিয়ে দেখিছে, শিকিছে, তাকেই কৰি আহিছে।
মাক ভায়েকে ভাৱক অন্যায় কৰি মানুহৰ উন্নতি হৈছে বুলি, তাই নাভাৱে।
এখন ঈশ্বৰবিহীন পৃথিৱীৰ কল্পনাই তাইৰ কোমল মনটোক জোকাৰি যায়।
হাত দুখন যোৰ কৰি "কৃষ্ণ কৃষ্ণ" বুলি তাই বেৰৰ কৃষ্ণ ফটোখনত কপালখন লগাই দিয়ে।

***********



(আগলৈ)
#Indrani Sarmah ba
#copyright

©Kabita #story
#lovestory

Kabita

#আবেলি




বেলিৰ মনত আশাৰ ৰামধেনু।
সপোনৰ বাট বহুদূৰ।
তথাপি জানো সেই বাটেৰে খোজ দিয়া নাযায়..
তথাপি জানো হেঁপাহ হেৰায়।
নাই.. সপোন দেখা জীৱনে নিজিৰায়.

এতিয়া যে আবেলিৰ সপোন বোৰ আৰু বেছি ডাঙৰ হৈছে। কেৱল বৰমাক বা কলেজৰ চাৰ বাইদেউ সকলেই নহয়, তাইক লৈ এতিয়া আন এজন বিশেষ মানুহেও দেখে সপোন।
দুগুণ উৎসাহেৰে পঢ়িব লাগিব এতিয়া, দুগুণ কষ্ট কৰি ঠন ধৰি উঠিব লাগিব। নিজৰ বাবে আৰু বেছি ভালপোৱা সামৰিব লাগিব।
পঢ়া টেবুলত ধুপ এডাল ঘূৰাই আবেলি পঢ়াত বহিল। কিতাপ আৰু বৰমাকৰ বাহিৰে একো চিন্তা নকৰা বেলিৰ মনত আগানেও পঢ়াৰ সময়ত ভুমুকি মাৰিব নোৱাৰে।
আজিৰে পৰা sessional পৰীক্ষা। এমাহ পিছতে ফাইনেল পালেহিয়েই। বিহুৰ পিছৰে পৰা বৰমাকৰ ঘৰলৈও যাব নোৱাৰা হ'ল ।
বাধা দিয়া মানুহজন আন কোনো নহয়, আগান। বিহুৰ পিছদিনা বৰমাকৰ লগত কথা পাতি থাকোঁতে তিনিদিন পাছতে পৰীক্ষা বুলি শুনি গালি পাৰি পঠিয়াই দিলে। তেতিয়াৰে পৰা ৰাতিপুৱা আগান উঠাৰ আগতেই এবাৰ বৰমাকক চাই আকৌ পঢ়াৰ টেবুলত বহে আবেলি। খোৱাৰ যোগাৰ ধৰিছে যতীন দায়ে ।
টিফিনত মাজে মাজে চকলেট এটাও আহে।
সেইটো কোনে দিয়ে যতীন দায়ে নকলেও তাই বুজে।

পঢ়াখিনি আকৌ এবাৰ ৰিভাইজ কৰি তাই গা ধুই ইউনিফৰ্ম যোৰ পিন্ধি বৰমাকৰ ঘৰলৈ ওলাল। ৰাতিপুৱা ভাতকেইটা বৰমাকে খুৱালেহে তাইৰ পৰীক্ষা ভাল হয়। বৰমাকক চিঞৰি তাই সোমাবলৈ লওঁতেই জলপান খাই থকা বৰদেউতাকৰ গৰ্জন..
: ঐ, ৰ, ৰ, একদম ভিতৰ নুসুমাবি।
চিপচিপিয়া বৰষুণজাকত চুৰ্ণী খন মূৰত লৈ ৰৈ থকা  আবেলি ঠাইতে থৰ লাগিল।
: হেৰা, হেৰা.. এইক ঘৰলৈ অহা বন্ধ কৰিবলৈ কৈছিলো নে নাই মই তোমাক। কি কৰি আছা পাকঘৰত, মোৰ কথা মূৰত নুসুমায় নেকি?

ৰাতিপুৱাই দৌৰিবলৈ ওলাই যোৱা আগান ঘৰ সোমাইছিলহে, আহিয়েই হুলস্থুল শুনি কি হৈছে বুজ ল'বলৈ সি বৰতাকৰ ওচৰ পালেহি।

: কিয়, বেলি ভিতৰলৈ আহিব নালাগে কিয়?
: বাবা, তই এইবোৰত নুসুমাবি। ঐ ছোৱালী,তোক কি লাগে তাৰ পৰাই লৈ যা। হেৰা, এইক কি লাগে দি দিয়া।
: কিন্তু তাই হঠাৎ ভিতৰলৈ সোমা়ব নোৱৰা হ'ল কেলেই?
: কাৰণ মই হাক দিছোঁ। তাইৰ মাকে মোৰ মান সন্মান শেষ কৰি দিছে, এদিন তায়ো কৰিব। সেইদিনা মাটিৰ সীমা লৈ এইৰ মাকে জয়ন্ত আৰু মোৰ লগত কিমান কাজিয়া কৰিছে তই নাজান নহয়। মুঠতে এই বা ইহঁতৰ ঘৰৰ কোনো মানুহ মোৰ ঘৰত সোমাব নোৱাৰে।

: মাকে কাজিয়া কৰিছে তাত বেলিৰ কি দোষ। বেলি, ভিতৰলৈ আহ।

একো নেজানে তাই। কেতিয়া মাকে কাজিয়া কৰিলে তাই গমেই নাপায়। বৰমাকেও একো কোৱা নাই। ইমান ফুৰ্তিৰে ওলাই আহিছিল ঘৰৰ পৰা, এতিয়া দেখোন..

: মাকৰ কথাই নহয়, এইৰ স্বভাৱ চৰিত্ৰ ভাল নহয়।
সেইদিনা বাবুলে কৈছে নহয় মোক..

কথাষাৰ মুখৰ ভিতৰতে ভোৰভোৰাই ক'লে যদিও আগানৰ কাণত ঠিকেই পৰিল। 
 :F@*k this nonsense.
: কি কৈছ তই?

বৰতাকৰ ওপৰত চিঞৰিব নোৱাৰি সি আবেলিকে ধমকি দিলে।
 
: আপোনাক কোৱা নাই।বেলি, মই কৈছোঁ ভিতৰলৈ আহ।
: নালাগে, মই ইয়াতে ঠিক আছোঁ।
: নিজে আহিবি নে মই ডাঙি লৈ আনিম।

আগানৰ ডাঙৰ মাত শুনি পাকঘৰৰ পৰা দৌৰি ওলাই আহিছে বৰমাক। আজি বা কি অঘটন ঘটে।
ইতিমধ্যে ডাইনিং টেবুলত জলপানৰ বাতিত পানী এখিনি ঢালি যুদ্ধৰ আগজাননী দিছে তেওঁৰ স্বামীয়ে।
দুৱাৰমুখত  বৰষুণত তিতি তিতি ৰৈ আছে আবেলি।
ঠাণ্ডাত নে ভয়ত তাই মাজে মাজে কঁপি আছে বুজাটো টান।
: যতীন, যতীন.. গোবৰ পানী এখিনি ঢালি দে ইয়াত।

এখোজ দুখোজকৈ ভিতৰলৈ সোমা়েই আহিছে আবেলি। বৰদেউতাকৰ ৰঙা চকুকেইটাই তাইক বাৰে বাৰে বাহিৰলৈ ঠেলিছে। পাকঘৰৰ দুৱাৰ মুখত হাতত হেঁতা এখন লৈ অসহায় ভাৱে চাই আছে বৰমাকে।
আৰু এই সকলোবোৰ  আওকাণ কৰি তাইক টেবুলত বহুৱাবলৈ আঁকোৰগোজ হৈ ৰৈ আছে আগান।

বৰদেউতাকৰ কাষৰ চকীখন টানি তাইক চকুৰে বহিবলৈ ইংগিত দলে আগানে।
: মই....ইয়াত? মাটিতে..
: চুপ। একদম চুপ। বহ।
বহো নবহোকৈ গাটোৰ সামান্য ভৰহে চকীখনত দি তাই বহিল।
: বৰমা, বেলিৰ ভাত ক'ত?
:অ..অ...আনিছোঁ।

বৰদেউতাক তেতিয়াও কাষৰ চকীখনৰ পৰা উঠি যোৱা নাই। একেথিৰে চাই আছে আবেলিৰ ফালে।
এজনী বনকৰা ছোৱালীৰ এই দুঃসাহস?
যি সাহস তেওঁৰ পত্নী, বোৱাৰী কাৰোৰে নাছিল, সেয়া আগানৰ উচতনিত এই 'অজাতি' ছোৱালীজনীয়ে কৰিব পাৰিলে।
বুঢ়া আঙুলি দেখুৱাব পাৰিলে তেওঁৰ অহংকাৰক।

ধোঁৱা ওলাই থকা ভাতৰ কাঁহী খন আবেলিৰ সন্মুখত থৈ অৰুন্ধতীয়ে বেলিৰ মূৰত হাত ফুৰাই এবাৰ স্বামীৰ ফলে চালে।
ঠিক যেন ক'ব খুজিছিল, অন্যায় সহিবলৈ সকলো বাধ্য নহয়, বন্দী নহয়।
: কি চাই আছ, ভাত খা।
আগানৰ আজি হৈছে কি? ইমান খং, ইমান জেদ?
এনেই জানো মহাদেৱৰ লগত তুলনা কৰে বেলিয়ে! হঠাতে তুষ্ট, হঠাতে ৰুষ্ট এই মানুহটো।
ভাতকেইটা সানিবলৈ বুলি হাতখন তুলি লৈও ৰৈ গ'ল তাই, ভয় ভয়কৈ আকৌ কাষৰ চকীখনত বহি থকা বৰদেউতাকৰ চকুলৈ চালে।
হাতখন আপোনা-আপুনি তললৈ নামি আহিল তাইৰ।
: এইবোৰ মানে, চাওঁ,মুখ মেল।
: নহয়.. মই নিজে খাম..
: মগজ বেয়া নকৰ, মুখ মেল।
তাইৰ কথা কোনে শুনে। গৰম গৰম ভাত খিনিত দাইল অকণমান দি সানি পিটিকি তাইৰ মুখৰ আগত ধৰি ৰৈ আছে আগান।
এনেকুৱা সময়ত তাই মুখখন মেলাৰ বাহিৰে আৰু কি কৰিব পাৰে।
: বেছি গৰম নেকি?
এইবাৰ তাই মাত্ৰ মূৰটো লৰাই হয় বুলি ক'লে।
পিছৰ গৰাহ ভাত তাইক দিয়াৰ আগতে মুখেৰে দুবাৰ মান ফুৱাই ঠাণ্ডা কৰি দিলে সি।

সহ্যৰ সীমা কেতিয়াবাই চিগিছিল। 
 চকীখন জোৰেৰে ঠেলি উঠি গৈছে জনাৰ্দন বৰঠাকুৰ।
বেলিলৈ এৰি থৈ গৈছে আহিব লগীয়া ধুমুহা এজাকৰ আগজাননী।
: গিলিবলৈ বেলেগকৈ গালি দিব লাগিব?
: ইমান খৰখৰকৈ খাব পাৰি নেকি! সৱতে উস্তাদি।

শেষৰ কথাটো মুখৰ ভিতৰতে কৈছিল যদিও আগানৰ কাণত ঠিকেই পৰিল।
পানী খাই খাই ভাত গিলি থকা আবেলিৰ খং উঠিলে মুখখন ঠিক আবেলিৰ সুমথিৰা বৰণৰ বেলিটোৰ দৰেই হয়।
চাই থাকিলেও হেঁপাহ নপলায়।

: আৰু নাখাওঁ, যাওঁ দেৰি হৈছে। অ বৰমা যাওঁ দেই।
মুখখন ধুই আগানলৈ ঘূৰিও নাচালে তাই। বৰমাকক সেৱা এটা কৰি দুবাৰমান গোঁসাই ঘৰটোৰ ফালে চাই মূৰ দোঁৱালে।
: ভালকৈ দিবি দেই পৰীক্ষা।
বেলিৰ গালখনত বৰমাকে চুমা এটা আঁকি দিলে।
এইয়া পুৰণা নিয়ম। পৰীক্ষালৈ যাওঁতে তাই বৰমাকক সেৱা এটা কৰে আৰু বৰমাকে মৰমতে চুমা এটা খায়।
পিছে আজি আগানৰ আগত তাইক এনেকৈ চুমা খাই দিওঁতেহে লাজ এটাই আৱৰি ধৰিলে।
একেসময়তে তাই আগানলৈ চালে, সি চোন তাইলৈকে চাই আছে।
সেই যে বিহুৰ দিনাখন...
গালখন চুই চালে তাই।
: ইখন গালতো  এটা লাগে নেকি?
:হাঁ ! নালাগে, নালাগে। যাওঁ দেই।
বাওঁহাতেৰে দাঢ়িখিনি ঠিক কৰি কৰি নিজৰ হাঁহিটো যেনেতেনে ৰখাই থোৱা আগানে আৰু কিবা অঘটন ঘটোৱাৰ আগতে বেগটো বুকুত সাৱটি সেইঠাইৰ পৰা দৌৰি পলাল বেলি।

: বাবা, তই এইবোৰ কৰি বৰদেউতাৰৰ খংটো উঠাই ল'ব নালাগিছিল। তই মন গলেই ইয়াৰপৰা গুচি যাবি, ভুগিব লাগিব বেচেৰি বেলিজনীয়ে। তাইৰ মোৰ ওচৰলৈ অহা বাটটো একেবাৰে  নামাৰিবি। ছোৱালীজনীৰ মোৰ বাহিৰে কোনো নাই। মই কিবা এটা কৰি কৈ বুজাই বঢ়াই ললোহেঁতেন ।

: বৰমা, মই বেলিৰ অপমান সহিব নোৱাৰিম। আজিৰ নিচিনা আকৌ হ'ব, বাৰে বাৰে হ'ব ।
I am sorry for that.

 ....আগলৈ
#Indrani Sarmah ba

©Kabita #story
#lovestory
loader
Home
Explore
Events
Notification
Profile